নতুন দিল্লীৰ ভাৰত মণ্ডপমত জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে ছাত্রাবাস নিৰ্মাণৰ আধাৰশিলা স্থাপন

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ পাঁচ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত দেশজুৰি ধৰতী আবা জনজাতীয় গাঁও উৎকর্ষ অভিযানৰ অধীনত জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে ছাত্রাবাস নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। শিক্ষা মন্ত্ৰী ধর্মেন্দ্ৰ প্ৰধানে ভার্চুৱেল ব্যৱস্থাৰে এই কাৰ্যসূচীক নেতৃত্ব দিয়ে। এই কাৰ্যসূচীৰ জৰিয়তে অসমৰ ২০২৪-২৫ আৰু ২০২৫-২৬ বৰ্ষৰ বাবে মুঠ ২০৯টা ছাত্ৰাৱাস নিৰ্মাণ কৰিবলৈ লোৱা হৈছে। ইয়াৰ জৰিয়তে ৮১৫ কোটি টকা ব্যয় সাপেক্ষে ২৩খন জিলাৰ ৫৪২খন গাঁৱক সামৰি লোৱা হ’ব। এই ছাত্ৰাৱাসমূহৰ স্থাপনৰ দ্বাৰা আওহতীয়া জনজাতীয় এলেকাসমূহত শিক্ষাৰ সুবিধা সূচলভাৱে প্ৰদান কৰাৰ লক্ষ্য লোৱা হৈছে। তদুপৰি শিক্ষা প্ৰদান ব্যৱস্থা সৰ্বাত্মক আৰু অবিৰত কৰাৰ লগতে বিদ্যায়তনিক ফলাফল উন্নত কৰাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলত স্থানীয় পৰ্যায়ত নিযুক্তিৰ সুবিধা বৃদ্ধি পোৱাৰ লগতে সামাজিক আন্তঃগাঁথনি শক্তিশালী হ’ব আৰু লিংগবৈষম্য দূৰ হ’ব বুলি আশা কৰা হৈছে। ৰাজ্যখনৰ কাৰ্বি আংলং জিলাত সর্বাধিক ৪১, ধেমাজিত ৩১ আৰু পশ্চিম কাৰ্বি আংলঙত ২৫টা এনে আৱাসৰ আধাৰশিলা স্থাপন কৰা হয়। আজি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ধেমাজিৰ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীৰ নেতৃত্বৰ এই কাৰ্যসূচীত অংশ লয়। ডাঃ পেগুৱে জিলাখনৰ এটা ছাত্ৰাৱাসৰ আধাৰশিলা স্থাপন কৰে। ৰাজ্যজুৰি বিভিন্ন জিলাত আজি মন্ত্রী-বিধায়কসকলে এই কাৰ্যসূচীত অংশ লৈ জনজাতীয় ছাত্ৰসকলৰ বাবে আৱাসিক ভৱনৰ আধাৰশিলা স্থাপন কৰে।

জোনাই সমষ্টিত আজি বিধায়ক ভূৱন পেগুৱে সমষ্টিটোৰ ২০খন বিদ্যালয়ৰ বাবে আৱাসিক ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। পশ্চিম কাৰ্বি আংলং জিলাৰ ২৫খন বিদ্যালয়ত আজি এই অভিযানৰ অধীনত আৱাসিক ভৱনৰ আধাৰশিলা স্থাপন কৰা হয়। কাৰ্বি আংলং জিলাৰ ডিফুৰ ৰেংবংহম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৱাসিক ভৱনৰ আধাৰশিলা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ শিক্ষা উন্নয়ন বোৰ্ডৰ অধ্যক্ষ ছেলাৱৰ বেয়ে স্থাপন কৰে। ওদালগুৰি জিলাত আজি বিটিচিৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱাই টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৪ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ’বলগীয়া ছাত্ৰাৱাসৰ আধাৰশিলা স্থাপন কৰে। একেদৰে হোজাই জিলাৰ লামডিং সমষ্টিৰ পুৰণি কাকী হাইস্কুলত আজি ১০০খন বিছনাযুক্ত শিক্ষাৰ্থীৰ আৱাসগৃহৰ আধাৰশিলা স্থাপন কৰা হয়। ঢেকিয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস হাইস্কুল হুগ্রাজুলি হাইস্কুলত এই কাৰ্যসূচী অনুষ্ঠিত হয়। গোলাঘাট জিলাৰ মেৰাপানীৰ চাওদাং পথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত বিত্ত মন্ত্রী অজন্তা নেওগে এই কাৰ্যসূচীত অংশ লয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।