জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ে নতুন দিল্লীত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ সৈতে কালি এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। একলব্য আদর্শ আবাসিক বিদ্যালয়সমূহৰ কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ জৰিয়তে সমৰ্থিত আন্তঃগাঁথনিৰ বিকাশ তথা সক্ষমতা নির্মাণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হৈছে। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি জনজাতি পৰিক্ৰমা সচিব ৰঞ্জনা চোপ্ৰাই কয় যে, এই চুক্তিৰ জৰিয়তে অ এন জি চিয়ে জনজাতীয় সম্প্রদায়সমূহৰ শিশুসকললৈ গুণগত শিক্ষা আগবঢ়োৱাৰ উদ্দেশ্যে একলব্য আদর্শ আবাসিক বিদ্যালয়সমূহৰ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য আগত ৰাখি ২৮ কোটি টকা বৰঙণি দিয়াৰ প্ৰতিশ্রুতি দিছে। এই ধনৰাশি জনজাতীয় শিক্ষার্থীসকলৰ বিভিন্ন ক্ষেত্ৰৰ বিকাশৰ বাবে ব্যৱহাৰ কৰা হ’ব।
Site Admin | January 6, 2026 12:22 PM | New Delhi
তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ