২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত প্ৰাপ্তিৰ বাবে বিকশিত গাওঁ নিৰ্মাণ কৰিব লাগিব। নতুন দিল্লীত আজি প্ৰদৰ্শন পর্যালোচনা সমিতিৰ প্ৰথমখন বৈঠকত অংশগ্ৰহণ কৰি গ্ৰামোন্নয়ন ৰাজ্যমন্ত্ৰী পেন্মাচানি চন্দ্ৰশেখৰে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে বিকশিত গাঁৱৰ প্ৰতিটো পৰিয়ালৰ মৌলিক সুবিধা থকা পকী ঘৰ, মানসম্পন্ন পথ, যুৱচামৰ কৰ্মসংস্থাপনৰ সুযোগ আৰু প্ৰতিগৰাকী মহিলা সৱলীকৃত হোৱাৰ লগতে আর্থিকভাৱে স্বাধীন হোৱা উচিত । এই লক্ষ্যত উপনীত হওঁতে গ্রামোন্নয়ন মন্ত্ৰালয়ৰ ভূমিকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে, চৰকাৰে কেৱল আঁচনিসমূহ ৰূপায়ন কৰাই নহয় ভাৰতৰ সমৃদ্ধিৰ পৰৱৰ্তী অধ্যায়ৰ মনোনিবেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত চৰকাৰে গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্রগতি লাভ কৰিছে বুলি ৰাজ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্রামীনৰ কথা অৱতাৰণা কৰি তেওঁ কয়, যে বর্তমানলৈকে ৩ কোটি ২২ লাখ পৰিয়ালক পকী ঘৰ নিৰ্মাণৰ সুবিধা দিয়া হৈছে আৰু ২০২৯ চনৰ ভিতৰত ২ কোটি পৰিয়ালক এই ঘৰ দিয়া হ’ব।
Site Admin | July 14, 2025 8:42 PM | New Delhi
২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত প্ৰাপ্তিৰ বাবে বিকশিত গাওঁ নিৰ্মাণ কৰিব লাগিব বুলি পেন্মাচানি চন্দ্ৰশেখৰৰ মন্তব্য
