ভাৰতে সন্ত্ৰাসবাদৰ প্ৰতি পাকিস্তানে দি অহা সমর্থনক বিশ্বজুৰি উদঙাই দেখুওৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু এই উদ্দেশ্যে গঠন কৰা সৰ্বদলীয় প্রতিনিধি দলে বিভিন্ন দেশ ভ্রমণ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে নতুন দিল্লীৰ শূন্য সহনশীলতাৰ বাৰ্তাৰ বিষয়ে অৱগত কৰিছে। বিজেপিৰ সাংসদ ৰবিশংকৰ প্ৰসাদ নেতৃত্বাধীন সর্বদলীয় দলটোৱে আজি ফ্ৰান্সৰ ৰাজধানী পেৰিছত দেশখনৰ সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলক সাক্ষাৎ কৰে। শ্ৰীপ্ৰসাদে কয়, যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃষ্টিভংগী স্পষ্ট আৰু বিষয়টো লৈ সমগ্ৰ বিশ্বই একেস্বৰে মাত মতাৰ আৱশ্যকতা আছে। তেওঁ কয়, যে ভাৰতে অন্তিম উপায় হিচাপে নিখুঁট আক্ৰমণৰ সহায় লৈছে। ভাৰতে সন্ত্ৰাসবাদীৰ শিৱিৰ আৰু পাকিস্তানৰ বায়ুসেনাৰ ঘাটিসমূহক লক্ষ্য কৰি ঘাতক শক্তিৰে আক্ৰমণ কৰিছে বুলি শ্ৰীপ্ৰসাদে মন্তব্য কৰে। বিজেপিৰ সাংসদগৰাকীয়ে কয়, যে অপাৰেচন সিন্দুৰ সাময়িকভাৱে বন্ধ কৰা হৈছে আৰু পাকিস্তানে সন্ত্ৰাসবাদী কাৰ্য্য-কলাপ আৰু সীমান্তৰে চলোৱা সন্ত্ৰাসবাদ বন্ধ কৰি দেশখনৰ এখন ভাল ছবি উপস্থাপন কৰিলেহে এই অভিযান সম্পূর্ণভাৱে বন্ধ কৰা হ’ব।
পাকিস্তানৰ স্বৰূপ উদঙাই দিয়াৰ বাবে ডি এম কে সাংসদ কানিমোড়ি কৰুণানিধিৰ নেতৃত্বত গঠন কৰা আন এটা সর্বদলীয় প্রতিনিধি দলে আজি শ্লোভেনিয়াৰ নেচনেল এছেম্বলিত দেশখনৰ ৰাষ্ট্ৰীয় পৰিষদৰ অধ্যক্ষ মার্ক লোট্রিকক সাক্ষাৎ কৰে। প্ৰতিনিধি দলটোৱে অপাৰেচন সিন্দুৰৰ পাছৰ স্বাভাৱিক পৰিস্থিতিৰ বিষয়ে অৱগত কৰায়। দলটোৱে লগতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হিচাপে গোলকীয় শান্তিৰ প্ৰসাৰ আৰু সন্ত্ৰাসবাদক দ্ব্যর্থহীন ভাৱে গৰিহণা দিয়াৰ বাবে শ্লোভেনিয়াৰ ভূমিকাৰ শলাগ লয়। প্রতিনিধি দলটোৱে লগতে শ্লোভেনিয়াৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক সংস্থাৰ অধ্যক্ষ মাৰ্জন চেটিঙক আৰু সংস্থাটোৰ সদস্যসকলকো সাক্ষাৎ কৰে।
ইপিনে,কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ নেতৃত্বৰ প্ৰতিনিধি দলে দক্ষিণ আমেৰিকাৰ দেশ গায়ানা ভ্রমণ সমাপ্ত কৰিছে। সংবাদ মাধ্যমক শ্ৰী থাৰুৰে কয়, যে গায়ানাই সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা ভাৰতে নিজকে ৰক্ষা কৰাৰ অধিকাৰৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। তেওঁ কয়, যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৰ্তমানৰ সদস্য দেশ হিচাপে গায়ানাই বিভিন্ন আন্তর্জাতিক বিষয়ত মাত মাতি আহিছে আৰু দেশখন ভাৰতৰ বাবে সদায় বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈ আহিছে। গায়ানা চৰকাৰৰ পৰা ভাৰতে সম্পূৰ্ণ আৰু নিঃচৰ্ত সমৰ্থন লাভ কৰা বুলিও সাংসদ থাৰুৰে প্ৰকাশ কৰে।
প্রতিনিধি দলটোৱে গায়ানাৰ ৰাষ্ট্ৰপতি মহম্মদ ইৰফান আলীক সাক্ষাৎ কৰে। এই সাক্ষাতৰ পাছতে ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে সন্ত্ৰাসবাদ আৰু উগ্ৰবাদ মানৱ প্ৰগতিৰ অন্তৰায়, সেয়ে গায়ানাই ইয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছে। প্ৰতিনিধি দলটোৱে দেশখনৰ সংসদৰ অধ্যক্ষ মনজুৰ নাদিক সাক্ষাৎ কৰি অপাৰেচন সিন্দুৰ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে অব্যাহত থকা ভাৰতৰ যুঁজখনৰ বিষয়ে অৱগত কৰায় ।
জে ডি ইউৰ সাংসদ সঞ্জয় কুমাৰ ঝাঁৰ নেতৃত্বৰ আন এটা প্ৰতিনিধিৰ দলে ছিংগাপুৰত দেশখনৰ বৈদেশিক আৰু গৃহ পৰিক্ৰমা বিভাগৰ জ্যেষ্ঠ ৰাজ্য মন্ত্ৰী মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হয়। এই বৈঠকত প্রতিনিধি দলটোৱে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰৱৰ্তী পৰ্যায়ত ভাৰতৰ স্থিতি তথা অপাৰেচন সিন্দূৰ কে ধৰি অন্যান্য কাৰ্যব্যৱস্থাৰ বিষয়ে অৱগত কৰায় ৷
বিজেপিৰ সাংসদ বৈজয়ন্ত পাণ্ডাৰ নেতৃত্বত আন এটা প্রতিনিধি দলে কুৱেইটত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলৰ এটা গোটৰ সৈতে মত বিনিময় কৰে। বিজেপিৰ সাংসদগৰাকীয়ে কয়, যে তেওঁলোকে বহন কৰা বাৰ্তাৰ প্ৰতি অভূতপূৰ্ব সমৰ্থন দেখিবলৈ পোৱা গৈছে। তেওঁ কয়, যে পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পাৰস্য উপ-সাগৰীয় দেশসমূহৰ পৰা লাভ কৰা সাহায্যৰ ধন উন্নয়নৰ পৰিৱৰ্তে সন্ত্ৰাসবাদৰ প্ৰসাৰৰ বাবে ব্যৱহাৰ কৰিছে। পাকিস্তানৰ নাম বিত্তীয় কাৰ্য্য বাহিনীৰ ক্ষেত্ৰাধিকাৰ তালিকাত পুনৰ অন্তৰ্ভুক্তিকে ধৰি দেশখনৰ ওপৰত অধিক দৃষ্টি ৰখাৰ আৱশ্যকতা আছে বুলি শ্ৰীপাণ্ডাই উল্লেখ কৰে।