ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 2, 2024 8:09 PM | Fit India

printer

নতুন দিল্লীত ৰাষ্ট্ৰজোৰা ফিট ইণ্ডিয়া স্বচ্ছতা ৰান শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ

গান্ধী জয়ন্তীৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ে নতুন দিল্লীত ৰাষ্ট্ৰজোৰা ফিট ইণ্ডিয়া স্বচ্ছতা ৰান শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। আজিৰেপৰা অহা ৩১ অক্টোবৰ অৰ্থাৎ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জয়ন্তীলৈকে প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত এই স্বচ্ছতা দৌৰ কাৰ্যসূচীৰ ৰূপায়ণ কৰা হ’ব। আজি অনুষ্ঠানৰ শুভাৰম্ভ কৰি যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ সচিব সুজাতা চতুর্বেদীয়ে কয় যে জাতিৰ পিতাগৰাকীয়ে সুস্থ জীৱনশৈলী আৰু পৰিচ্ছন্নতাৰ ওপৰত অত্যন্ত গুৰুত্ব আৰোপ কৰিছিল। এই ফ্ৰীডম ৰান কাৰ্যসূচীয়ে মহাত্মা গান্ধীৰ আদৰ্শ আৰু শিকনিসমূহক জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ লগতে তেওঁলোকক সুস্থ আৰু পৰিচ্ছন্ন জীৱন-ধাৰণৰ বাবে প্ৰেৰিত কৰিব বুলি তেওঁ মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।