ডাউনলোড
মোবাইল এপ

android apple
signal

September 10, 2025 12:02 PM | nepal situation

printer

নেপালৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ সতর্কবাণী জাৰি

নেপালৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে সতর্কবাণী জাৰি কৰিছে। দেশখনত থকা প্ৰায় ৬ লাখ ভাৰতীয়ক পৰিস্থিতি স্বাভাৱিক নোহোৱা পর্যন্ত ভ্ৰমণ নকৰিবলৈ আৰু য’ত যেনেকৈ আছে, তেনেকৈয়ে থাকিবলৈ কেন্দ্ৰীয় চৰকাৰে আহ্বান জনাইছে। আনহাতে, ভাৰতীয়সকলক এই মুহূৰ্তত নেপাল ভ্রমণ কাৰ্যসূচীৰ পৰা বিৰত থাকিবলৈও চৰকাৰে পৰামৰ্শ দিছে। কেন্দ্ৰীয় চৰকাৰৰ হৈ বিদেশ মন্ত্ৰ্যালয়ে ১৭৭-৯৮০৮৬০২৮৮১ আৰু ৯৭৭- ৯৮১০৩২৬১৩৪ হেল্পলাইন নম্বৰ দুটা নেপালত থকা ভাৰতীয় লোকৰ বাবে মুকলি কৰিছে। নেপালৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত প্ৰতিৰক্ষা সম্পৰ্কীয় কেবিনেট কমিটীৰ এখন বৈঠক অনুষ্ঠিত হয়। সামাজিক মাধ্যমত লিখা এটা পোষ্টত শ্ৰীমোদীয়ে নেপালৰ সাম্প্ৰতিক হিংসাজৰ্জৰ পৰিস্থিতিক হৃদয়বিদাৰক হিচাপে আখ্যা দিয়ে। দেশখনত যুৱক-যুৱতীসকলে প্ৰাণ হেৰুওৱা সন্দৰ্ভত শোক প্রকাশ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশখনৰ সুস্থিৰতা, শান্তি আৰু সমৃদ্ধিহে আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে। তেওঁ দেশখনৰ জনসাধাৰণক শান্তিৰ হকে আগুৱাই আহিবলৈও আহ্বান জনায়