ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 2, 2025 1:10 PM | Nepal PM

printer

বিমষ্টেক সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে কে পি শর্মা অলি থাইলেণ্ডলৈ ৰাওনা

নেপালৰ প্ৰধানমন্ত্রী কে পি শর্মা অলি বেংককত অনুষ্ঠিত বিমষ্টেক সন্মিলনত অংশগ্ৰহণৰ বাবে কালি আনুষ্ঠানিক ভ্রমণসূচীৰে থাইলেণ্ডলৈ ৰাওনা হয়। যোৱা বছৰৰ জুলাই মাহত চতুৰ্থবাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত অলিৰ এইটোৱেই প্ৰথম আনুষ্ঠানিক থাইলেণ্ড ভ্রমণ। থাইলেণ্ডত ১ ৰ পৰা ৫ এপ্ৰিললৈ বিমষ্টেকৰ ষষ্ঠ শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছে। বৈদেশিক মন্ত্ৰালয়ৰ সূত্ৰই জনোৱা মতে, এই ভ্ৰমণৰ সময়ত অলি আৰু থাইলেণ্ডৰ ৰজা বাজিৰালংকর্ণৰ মাজত এখন সৌজন্যমূলক বৈঠক অনুষ্ঠিত হব। অলিয়ে থাইলেণ্ডৰ সুপৰিচিত ব্যৱসায়ীসকলৰ সৈতে বৈঠকত মিলিত হব আৰু বিমষ্টেক শীৰ্ষ সন্মিলনত ভাষণ দিয়াৰ উপৰিও এছিয়ান ইনষ্টিটিউট অৱ টেকনলজিত এখন সভা সম্বোধন কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।