December 18, 2025 7:55 PM | Nepal PM

printer

নেপালৰ ক্ষমতাচ্যুত প্রধানমন্ত্রী কে পি শৰ্মা অলী দেশৰ কমিউনিষ্ট দল ইউ এম এলৰ অধ্যক্ষ হিচাপে পুনৰ নির্বাচিত

নেপালৰ ক্ষমতাচ্যুত প্রধানমন্ত্রী কে পি শৰ্মা অলী দেশৰ কমিউনিষ্ট দল ইউ এম এলৰ অধ্যক্ষ হিচাপে পুনৰ নির্বাচিত হৈছে। দলৰ একাদশ ৰাষ্ট্রীয় সম্মিলনত অনুষ্ঠিত নির্বাচনত শ্রী অলীয়ে তেওঁৰ প্ৰতিদ্বন্দ্বী ঈশ্বৰ পোখৰেলক পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে দলৰ অধ্যক্ষ হিচাপে নির্বাচিত হয়। নির্বাচনত শ্রী অলীয়ে এহেজাৰ ৬৬৩ টা ভোট পোৱাৰ বিপৰীতে ঈশ্বৰ পোখৰেলে ৫৬৪ টা ভোট লাভ কৰে।

একাদশ ৰাষ্ট্ৰীয় কংগ্ৰেছতে ইউ এম এলৰ অন্যান্য বিষয়ববীয়াসকলকো নিৰ্বাচন কৰা হয়। শংকৰ পোখৰেল দলৰ সাধাৰণ সচিবৰূপে নির্বাচিত হয়। তেওঁ এহেজাৰ ২২৮ টা ভোট লাভ কৰে। পোখৰেলৰ প্ৰতিদ্বন্দ্বী সুৰেন্দ্ৰ প্রসাদ পাণ্ডেই ৯৯৯ টা ভোট লাভ কৰে। দলৰ কেন্দ্ৰীয় নির্বাচক আয়োগৰ মতে উপ-অধ্যক্ষ পদটোৰ বাবে বহুকেইজনে প্রার্থীত্ব আগবঢ়াইছিল। ইয়াৰে পৃথবী শুভ গুরুঙে এহেজাৰ ৭৩৭ টা, বিষ্ণু প্রসাদ পৌদেলে এহেজাৰ ৬৭৫ টা, ৰাম বাহাদুৰ থাপাই এহেজাৰ ৫১৬ টা, গোকানা ৰাজ বিষ্টাই এহেজাৰ ৩৬৮ টা আৰু ৰঘুজী পান্টে এহেজাৰ ২৫৮ টা ভোট লাভ কৰে।

একেদৰে উপ-সাধাৰণ সম্পাদকৰ বাবে লেখৰাজ ভট্টটাই এহেজাৰ ৪৫২ টা, ৰঘুবীৰ মহাসেঠে এহেজাৰ ৩৬৮টা আৰু যোগেশ ভট্টাৰায়ে এহেজাৰ ৩৪৮ টা ভোট লাভ কৰে। মহেশ বাছনেটে এহেজাৰ ৫৪৪টা ভোটেৰে দলৰ নতুন সচিবৰূপে নির্বাচিত হৈছে। দলৰ নিৰ্বাচিত অন্যান্য সচিবসকল হৈছে, ছবিলাল বিশ্বকর্মা, পদ্মকুমাৰী আৰিয়াল, শ্বেৰৰ্ধন ৰায়, হিকমট কুমাৰ কাৰ্কি, খজৰাজ অধিকাৰী, রামলাল কান্দেল, ৰাজন ভট্টাৰায়, ভানুভক্ত ডকাল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।