ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 9, 2025 8:42 PM | Nepal

printer

নেপালত অভূতপূৰ্ব হিংসাত্মক পৰিস্থিতিৰ মাজতে দেশখনৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ পদত্যাগ

নেপালত ফেচবুক, ইউটিউব আদি ২৬টা সামাজিক মাধ্যমৰ ওপৰত নিষেধাজ্ঞা আৰোপৰ প্ৰতিবাদত দেশখনৰ যুৱ প্ৰজন্মই চলোৱা হিংসাত্মক বিক্ষোভৰ পৰিপ্ৰেক্ষিতত দেশখনৰ প্ৰধানমন্ত্রী কে পি শৰ্মা অলিয়ে পদত্যাগ কৰে। দুপৰীয়াৰ ভাগত ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পোড়েলে প্রধানমন্ত্ৰীৰ পদত্যাগপত্র গ্রহণ কৰে। উল্লেখযোগ্য যে, ৰাজধানী কাঠমাণ্ডু আৰু দেশখনৰ অন্যান্য প্ৰান্তত কালি যুৱ প্ৰজন্মৰ বিক্ষোভ নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তা বাহিনীয়ে গুলীচালনা কৰিবলগীয়া হোৱাত ১৯গৰাকী প্ৰতিবাদকাৰী নিহত আৰু ভালেসংখ্যক প্ৰতিবাদকাৰী আহত হৈছিল। এই প্ৰতিবাদত সেও মানি নেপাল চৰকাৰে কালি বিয়লিৰ ভাগত সামাজিক মাধ্যমৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্রত্যাহাৰ কৰে যদিও সান্ধ্য আইনৰ মাজতে আজি সমগ্ৰ দেশজুৰি পুনৰ প্ৰতিবাদৰ সৃষ্টি হয়। প্ৰতিবাদকাৰী সকলে আজি কাঠমাণ্ডুত থকা দেশখনৰ সংসদ ভৱন আৰু ৰাষ্ট্ৰপতি ভৱনত অগ্নিসংযোগ কৰাৰ লগতে ভালেকেইগৰাকী মন্ত্ৰীৰ বাসভৱনতো অগ্নিসংযোগৰ চেষ্টা চলায়। অসমর্থিত বাতৰি অনুসৰি প্ৰতিবাদকাৰীয়ে দেশখনৰ এগৰাকী প্ৰাক্তন প্রধানমন্ত্ৰীৰ ঘৰত অগ্নিসংযোগ কৰাৰ ফলত তেওঁৰ পত্নীৰ অগ্নিদগ্ধ হৈ মৃত্যু ঘটিছে। নেপালৰ সেনাবাহিনী প্ৰধান জেনেৰেল অশোক ৰাজ চিক্‌দেলে প্ৰতিবাদকাৰীসকলক হিংসাত্মক প্ৰতিবাদৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। কাঠমাণ্ডুৰ ত্ৰিভুৱন আন্তর্জাতিক বিমান বন্দৰ বৰ্তমান বন্ধ কৰি দিয়া হৈছে আৰু দেশখনৰ এনে অভূতপূৰ্ব অৰাজক পৰিস্থিতিত নেপাললৈ যাত্ৰা কৰা কেইবাখনো বিদেশী ৰাষ্ট্ৰৰ বিমান আন স্থানলৈ ঘূৰি যাবলগীয়া হৈছে। ভাৰত চৰকাৰে চুবুৰীয়া দেশখনৰ পৰিস্থিতিৰ ওপৰত নিৰন্তৰ দৃষ্টি ৰাখিছে আৰু নেপালত থকা ভাৰতীয় লোকসকলক ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ ৰাখিবলৈ পৰামৰ্শ দিছে। কাঠমাণ্ডুস্থিত ভাৰতীয় দূতাবাসে ইতিমধ্যে দুটা ফোন নম্বৰ মুকলি কৰি দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নেপালৰ পৰিস্থিতি স্বাভাৱিক নোহোৱা পৰ্যন্ত দেশখন ভ্রমণ নকৰিবলৈ ভাৰতীয় নাগৰিকসকলক পৰামৰ্শ দিছে। নেপালৰ সৈতে থকা ভাৰতৰ সীমান্তত সশস্ত্ৰ সীমা বলৰ পহৰা অধিক শক্তিশালী কৰা হৈছে। এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগো এয়াৰলাইন্সকে ধৰি ভাৰতীয় বিমান সংস্থাসমূহে নেপাললৈ যাবলগীয়া সকলো বিমানৰ যাত্ৰা বাতিল কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।