ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 8, 2025 1:45 PM | earthquake

printer

নেপাল-তিব্বত সীমান্তত হোৱা ভূমিকম্পত নিহত লোকৰ সংখ্যা ১২৮ লৈ বৃদ্ধি

কালি পুৱা তীব্বতৰ টিংৰি অঞ্চলত অনুভূত ৭ দশমিক ১ প্রাবল্যৰ বিধবংসী ভূমিকম্পত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১২৮ লৈ বৃদ্ধি পাইছে। এভাৰেষ্ট শৃংগৰ পৰা ৭৫ কিলোমিটাৰ উত্তৰত অভিকেন্দ্ৰ থকা এই ভূমিকম্পটোত তীব্ৰবত আৰু নেপালত প্ৰায় ২০০ লোক আহত হয়। চুবুৰীয়া দেশ নেপালত অৱশ্যে এই ভূমিকম্পত কোনো লোকৰ প্ৰাণহানি হোৱা নাই বুলি সেই দেশৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। চীনৰ চৰকাৰী বাতৰি সংস্থা ঝিনহুৱাৰ বাতৰি অনুসৰি অভিকেন্দ্ৰৰ পৰা ২০ কিলোমিটাৰ ব্যাসার্ধত থকা তিনিখন চহৰ আৰু ২৭ খন গাঁৱত ব্যাপক ধ্বংসলীলাৰ সৃষ্টি হয় আৰু এহেজাৰৰো অধিক বাসগৃহ ধ্বংসস্তূপত পৰিণত হয়। চীনৰ চৰকাৰী টেলিভিছন চেনেল চি চি টি ভিৰ বাতৰি অনুসৰি উদ্ধাৰ অভিযানত পিপল্‌ছ লিবাৰেচন আৰ্মী আৰু অগ্নি নির্বাপক বাহিনীৰ কেইবাহাজাৰো লোক নিয়োজিত হৈছে। ভাৰত চৰকাৰে তীববতৰ এই ভূমিকম্পত শতাধিক লোকৰ প্রাণহানি শোক প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ এগৰাকী মুখপাত্রই কালি সামাজিক মাধ্যম এক্সত কয়, যে এই তীববতৰ এই সংহাৰী ভূমিকম্পত প্ৰাণ হেৰুওৱাসকলৰ বাবে ভাৰত চৰকাৰ দুঃখিত। ভাৰতীয় আৰু ইউৰেছিয় প্লেটৰ ঘৰ্ষণৰ ফলত সৃষ্টি হোৱা এই ভূমিকম্পই চীনে সেই দেশত য়াৰলাং ছাংপু নামে পৰিচিত ব্ৰহ্মপুত্ৰ নদৰ ওপৰত নিৰ্মাণ কৰিবলৈ প্ৰস্তাৱ কৰা পৃথিৱীৰ বৃহত্তম নদীবান্ধে সৃষ্টি কৰিবলগীয়া ভাবুকি সম্পৰ্কত বিশেষজ্ঞসকলৰ উদ্বিগ্নতা বৃদ্ধি কৰিছে ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।