ফ্ৰান্সৰ ষ্টেড ছেবাষ্টিয়েন চাৰ্লটিত অনুষ্ঠিত পেৰিছ ডায়মণ্ড লীগত ভাৰতৰ তাৰকা জেভলিন খেলুৱৈ নীৰজ চোপ্ৰাই জয়লাভ কৰিছে। দুবাৰকৈ অলিম্পিকৰ পদক বিজেতা নীৰজ চোপ্ৰাই প্ৰথমবাৰতে ৮৮ দশমিক ১-৬ মিটাৰলৈ জেভলিন দলিয়াই এই সফলতা লাভ কৰিবলৈ সমৰ্থ হয়। প্রতিযোগিতাত জাৰ্মানীৰ জুলিয়ান ৱেবাৰে ৮৭ দশমিক ৮-৮ মিটাৰেৰে দ্বিতীয় স্থান থাকে। নীৰজে এই বছৰত প্ৰথমবাৰৰ বাবে জুলিয়ান ৱেবাৰক পাছ পেলাবলৈ সমৰ্থ হৈছে। যোৱা মাহত অনুষ্ঠিত দোহা ডায়মণ্ড লীগত ৱেবাৰে ৯১ দশমিক ০-৬ মিটাৰলৈ জেভলিন দলিয়াই নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াইছিল। প্রতিযোগিতাত নীৰজ চোপ্ৰাই ৯০ দশমিক ২-৩ মিটাৰলৈ জেভলিন নিক্ষেপ কৰি প্ৰথমবাৰৰ বাবে ৯০ মিটাৰৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছিল।
Site Admin | June 21, 2025 1:09 PM | Neeraj Chopra Wins Gold at Paris Diamond League 2025
ফ্ৰান্সত অনুষ্ঠিত পেৰিছ ডায়মণ্ড লীগত ভাৰতৰ তাৰকা জেভলিন খেলুৱৈ নীৰজ চোপ্ৰাৰ জয়
