ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 7, 2025 8:10 PM | NDRF

printer

ৰাষ্ট্ৰীয় দুৰ্য্যোগ সঁহাৰি পুঁজিৰ অধীনত অসম আৰু গুজৰাটলৈ ৭০৭ কোটিতকৈও অধিক টকাৰ বিত্তীয় সাহায্যত অনুমোদন

কেন্দ্ৰই অগ্নি নির্বাপণ সেৱাৰ আধুনিকীকৰণ তথা বিকাশৰ বাবে ৰাষ্ট্ৰীয় দুৰ্য্যোগ সঁহাৰি পুঁজিৰ অধীনত হাৰিয়ানা, মধ্য প্রদেশ আৰু ৰাজস্থানলৈ ৯০৩ কোটি টকা বিত্তীয় সাহায্য মঞ্জুৰ কৰিছে। গৃহ মন্ত্রী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত এখন উচ্চ পৰ্য্যায়ৰ সমিতিয়ে এই অনুমোদন জনায়। নির্দিষ্ট ধনৰাশিৰ ভিতৰত ১১৭কোটিতকৈও অধিক হাৰিয়ানাৰ বাবে, ৩৯৭ কোটি মধ্য প্রদেশৰ বাবে আৰু ৩৮৮ কোটিতকৈও অধিক টকা ৰাজস্থানৰ বাবে মঞ্জুৰ কৰা হৈছে। তদুপৰি, সমিতিখনে একেই পুঁজিৰ অধীনত অসম আৰু গুজৰাটলৈ ৭০৭ কোটিতকৈও অধিক টকাৰ বিত্তীয় সাহায্যত অনুমোদন দিছে। উল্লেখযোগ্য যে, বিগত বৰ্ষত বান আৰু ভূমি স্খলনৰ ফলত ৰাজ্য দুখন ক্ষতিগ্রস্ত হৈছিল। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দিক্-দৰ্শনত চৰকাৰে প্ৰাকৃতিক দুৰ্য্যোগৰ সময়ত ৰাজ্য চৰকাৰসমূহৰ প্ৰতি সকলো প্ৰকাৰৰ সাহায্য আগবঢ়াইছে বুলি গৃহ মন্ত্র্যালয়ে প্রকাশ কৰে। চলিত বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে ১২ খন ৰাজ্যলৈ ৰাষ্ট্ৰীয় দুৰ্য্যোগ সঁহাৰি পুঁজিৰ অধীনত দুহেজাৰ কোটিতকৈও অধিক আৰু ৰাজ্যিক দুৰ্য্যোগ সঁহাৰি পুঁজিৰ অধীনত ২৭ খন ৰাজ্যলৈ ১৩ হাজাৰ ৬০৩ কোটি টকা মুকলি কৰি দিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।