ভাৰতীয় ৰে’লৱেৰ উৎসৱৰ বতৰত ৪,৫২১খন ৰে’লেৰে প্রায় ৬৫ লাখ যাত্ৰীৰ যাতায়াত

ভাৰতীয় ৰে’লৱে উৎসৱৰ বতৰত ৪ হাজাৰ ৫২১ খন ৰে’লগাড়ীৰ জৰিয়তে প্রায় ৬৫ লাখ যাত্ৰীক যাতায়াত কৰোৱাইছে। ৰে’ল মন্ত্ৰ্যালয়ে জানিবলৈ দিয়া অনুসৰি ১ অক্টোবৰৰ পৰা ৫ নৱেম্বৰলৈকে বিহাৰ, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশৰ পূব প্ৰান্তলৈ ৬ কোটি ৮৫ লাখৰো অধিক যাত্ৰীয়ে ৰে’লযোগে নিজৰ গন্তব্য স্থানলৈ যাত্ৰা কৰে৷ ইপিনে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ তৰফৰ পৰা জনোৱা অনুসৰি ষট পূজা উপলক্ষে হোৱা যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি কাটিহাৰ মণ্ডলৰ পৰা আজিৰ দিনটোত চাৰিখন বিশেষ ৰে’লেৰ ব্যৱস্থা কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।