বিহাৰত এন ডি এৰ নৱ নিৰ্বাচিত বিধায়কসকলৰ নেতা বাচনি কৰাৰ বাবে কাইলৈ পাটনাত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ‘ব। এন ডি এৰ ৫ টা অংশীদাৰ দল ক্রমে বিজেপি, জনতা দল ইউনাইটেড, লোক জনশক্তি পাৰ্টীৰ ৰামবিলাস ফৈদ, হিন্দুস্তানী আৱাম মৰ্চা আৰু ৰাষ্ট্ৰীয় লোকমৰ্চাৰ বিধায়কসকলে এই বৈঠকত ভাগ লব। মুখ্যমন্ত্রী নিতিশ কুমাৰ পুনৰ এন ডি এৰ বিধায়িনী দলৰ নেতা ৰূপে নির্বাচিত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পাছত এন ডি এৰ বিধায়িনী দলৰ নেতাগৰাকীয়ে ৰাজ্যখনত নতুন চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰিব।
ইয়াৰ পূৰ্বে বিজেপি আৰু জে ডি ইউ দলে তেওঁলোকৰ বিধায়িনী দলৰ নেতা বাচনি কৰিব। ইয়াৰ বাবে কাইলৈ দুয়োটা দলৰ সুকীয়া বৈঠক অনুষ্ঠিত হোৱাৰ কথা।
ইপিনে, এন ডি এৰ এটা গুৰুত্বপূর্ণ অংশীদাৰ দল বিজেপি আৰু জে ডি ইউৰ মাজত চৰকাৰৰ গঠনি, মন্ত্রীসভাৰ আকাৰ আৰু বিভিন্ন অংশীদাৰ দলৰ মাজত মন্ত্রী পদৰ বিতৰণক লৈ আলোচনা চলি আছে।
পাটনাৰ ঐতিহাসিক গান্ধী ময়দানত শপত গ্রহণ অনুষ্ঠানত প্রস্তুতি প্রায় সম্পূর্ণ হৈ উঠিছে। পৰহিলৈ শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্রীসকল আৰু এন ডি এৰ জ্যেষ্ঠ নেতাসকল শপত গ্রহণ অনুষ্ঠানত উপস্থিত থকাৰ সম্ভাৱনা আছে। ইপিনে, ৰাজ্যিক মন্ত্রীসভাই সপ্তদশ বিধানসভা ভংগ কৰাৰ পৰামৰ্শ আগবঢ়াইছে। মুখ্যমন্ত্রী নীতিশ কুমাৰে কাইলৈ ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্র দাখিল কৰিব আৰু ইয়াৰ পাছতে নতুন চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰিব।