মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনক সমাগত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এন ডি এৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাই কালি নতুন দিল্লীৰ বিজেপি মুখ্য কাৰ্যালয়ত দলৰ সংসদীয় সমিতিৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা – বতৰাত এই কথা ঘোষণা কৰে। তেওঁ কয়, যে এন ডি এৰ সকলো লোকে এই সিদ্ধান্তৰ সমৰ্থন কৰিছে। শ্রীনাড্ডাই লগতে কয়, যে উপ-ৰাষ্ট্ৰপতি নির্বাচন সুনিশ্চিত কৰাৰ বাবে বিজেপিয়ে সকলো দলৰ সৈতে সমন্বয় ৰক্ষাৰ প্ৰয়াস কৰিব। বিগত সপ্তাহত এন ডি এৰ সহযোগী দল আৰু বিৰোধী পক্ষৰ দলসমূহৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰা হৈছিল বুলি শ্ৰীনাড্ডাই উল্লেখ কৰে।
কালিৰ বৈঠকত সংসদীয় সমিতিৰ অন্যান সদস্যসকলৰ উপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং উপস্থিত থাকে। উপ-ৰাষ্ট্ৰপতি নির্বাচন অহা ৯ ছেপ্তেম্বৰত অনুষ্ঠিত হ‘ব।