ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, এন চি ই আৰ টিয়ে অসাধু উপায়েৰে স্বত্ববিহীনভাৱে পাঠ্যপুথিৰ প্ৰস্তুত, বিতৰণ আৰু বিক্ৰীৰ সৈতে জড়িত অপৰাধীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে। এই ধৰণৰ কাৰ্যকলাপৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰি পৰিষদে এই পর্যন্ত ২০ কোটি টকাৰো অধিক মূল্যৰ কিতাপ, ছপাৰ কামৰ ব্যৱহৃত কাগজ আৰু যন্ত্রপাতি জব্দ কৰিছে। পৰিষদে লগতে এইধৰণৰ সামগ্ৰী মজুত ৰখা গুদামৰ মালিক আৰু খুচুৰা বিক্ৰেতাৰ বিৰুদ্ধে ২৯টা গোচৰ ৰুজু কৰা জানিব পৰা গৈছে। বিগত ১৪টা মাহজুৰি এই ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি শিক্ষা মন্ত্ৰালয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰিছে ।
মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি এইধৰণৰ পাঠ্যপুথিৰ প্ৰকাশ আৰু প্ৰচাৰ ৰোধ কৰিবলৈ পৰিষদে নিজৰ পাঠ্যপুথিৰ মান আৰু সুৰক্ষা বৃদ্ধিৰ বাবে বিভিন্ন উদ্যম গ্রহণ কৰিছে। পৰিষদে নিজে প্ৰকাশ কৰা পাঠ্যপুথিসমূহ বজাৰত অধিক সুলভ কৰাৰ বিষয়েও চিন্তা-চৰ্চা কৰিছে বুলি বিবৃতিটোত প্ৰকাশ কৰা হৈছে।