মুম্বাইৰ ছাত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৭৪ হাজাৰ অবৈধ ঔষধৰ কেপচুল, ২.৪৪ লাখ নকল চিগাৰেট জব্দ

দেওবাৰে মুম্বাইৰ ছাত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নার্ক’টিক কণ্ট্ৰ’ল ব্যুৰ’ চমুকৈ এন চি বিয়ে ৭৪ হাজাৰ অবৈধ ঔষধৰ কেপচুল আৰু ২ লাখ ৪৪ হাজাৰ নকল চিগাৰেট জব্দ কৰিছে। এনচিবিৰ মুম্বাই মণ্ডল গোটে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰীৰ ছিণ্ডিকেট সন্দৰ্ভত এক গোপন সূত্ৰৰ ভিত্তিত বিমানবন্দৰত লজিষ্টিক কোম্পানীৰ দুটা কণ্টেইনাৰ জব্দ কৰে৷ এই কণ্টেইনাৰ দুটাতে সংস্থাটোৱে খাদ্য সামগ্ৰীৰ মাজত লুকুৱাই অনা অবৈধ নিচাযুক্ত সামগ্রীসমূহ জব্দ কৰিবলৈ সক্ষম হয়। এই নিচা জাতীয় সামগ্ৰীসমূহ লণ্ডনলৈ প্ৰেৰণৰ বাবে পৰিকল্পনা কৰা হৈছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।