জনজাতি গৌৰৱ বৰ্ষৰ লগত সংগতি ৰাখি শিৱসাগৰ জিলাৰ নাজিৰাৰ প্ৰৱাহ নামৰ এটা বেচৰকাৰী সংস্থা আৰু অ’ এন জি চিৰ উদ্যোগত মঙলবাৰৰ পৰা ১৬ দিনীয়া তিৱা গীত আৰু নৃত্যৰ কৰ্মশালা অনুষ্ঠিত হৈছে। কৰ্মশালাত মুখ্য প্রশিক্ষক তিৱা নৃত্য গুৰু নাদিৰাম দেউৰীয়ে তিৱা নৃত্য-গীতৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। বৃহত্তৰ নাজিৰা অঞ্চলৰ ভালেসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে কৰ্মশালাত অংশগ্ৰহণ কৰিছে। বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই কালি কৰ্মশালাত উপস্থিত থাকি শিক্ষার্থীসকলক উৎসাহ প্ৰদান কৰে।
Assamese | January 23, 2025 1:02 PM | nazira tiwa workshop
শিৱসাগৰৰ নাজিৰাত মঙলবাৰৰ পৰা ১৬ দিনীয়া তিৱা গীত আৰু নৃত্যৰ কৰ্মশালা