ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আঙুলিত চিয়াহীৰ চিন থকা বিদ্যাৰ্থীক পৰীক্ষা কক্ষত প্ৰৱেশ কৰিব পাৰিব : ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই সাধাৰণ নিৰ্বাচনত ভোটদান কৰা তথা আঙুলিত চিয়াহীৰ চিন থকা বিদ্যাৰ্থীসকলক পৰীক্ষা কক্ষত প্ৰৱেশ কৰাৰ পৰা বাৰণ কৰা নহয় বুলি স্পষ্ট কৰি দিছে। সংস্থাটোৱে কৈছে যে, এই সন্দৰ্ভত সামাজিত মাধ্যমত প্ৰচাৰিত বাৰ্তা সম্পূৰ্ণৰূপে ভিত্তিহীন। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই কৈছে যে, তেওঁলোকে এনে ধৰণৰ কোনো নীতি নিৰ্দেশনা জাৰি কৰা নাই । সংস্থাটোৱে শিক্ষাৰ্থীসকলক এনে ধৰণৰ উৰা বাতৰিত ভোল নাযাবলৈ আৰু ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে। সংস্থাটোৱে লগতে বিদ্যাৰ্থীসকলক অধ্যয়নত গুৰুত্ব দিবলৈ আৰু পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ পৰামৰ্শ আগবঢ়াইছে।