২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় ক্রীড়া বঁটাসমূহ ঘোষণা

ৰাষ্ট্ৰীয় ক্রীড়া বঁটাসমূহ আজি ঘোষণা কৰা হৈছে। বিশ্ব দবা চেম্পিয়ন ডি গুকেশ, পেৰিছ অলিম্পিক দুটাকৈ পদক বিজেতা মানু ভাকৰ, ভাৰতীয় হকী দলৰ অধিনায়ক হৰমনপ্রীত সিং আৰু পেৰিছ পেৰা অলিম্পিকত সোণৰ পদক বিজয়ী প্রবীণ কুমাৰক মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা প্ৰদান কৰা হ’ব। একেদৰে ৩২গৰাকী খেলুৱৈলৈ অৰ্জুন বঁটা আগবঢ়োৱা হৈছে। এই বঁটা প্ৰাপকসকলৰ ভিতৰত এথলীট জ্যোতি য়াৰাজী আৰু অনু ৰাণী, বক্সাৰ নিতু আৰু ছৱিটি, দবা খেলুৱৈ ৱন্তিকা আগৰৱাল, হকী খেলুৱৈ ছালিমা টেটে, অভিষেক সঞ্জয়, জমনপ্রীত সিং আৰু সুখজিৎ সিং আছে। পেৰা আৰ্চাৰী খেলুৱৈ ৰাকেশ কুমাৰ, পেৰা এথলীট প্রীতি পাল, জীৱনজী দিপ্তী, অজিত সিং আৰু শচীন খিলাড়ীলৈও অর্জুন বঁটা আগবঢ়োৱা হৈছে। ক্রীড়া ক্ষেত্ৰৰ জীৱনজোৰা সাধনাৰ অৰ্জুন বঁটা প্ৰবীণ এথলীট ছুচা সিং আৰু প্ৰবীণ পেৰা সাঁতোৰবিদ মুৰলীকান্ত পেটকাৰলৈ আগবঢ়োৱা হৈছে। অহা ১৭ জানুৱাৰীত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে এই বঁটাসমূহ প্ৰদান কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।