কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীপ ছাফাৰী অহা ৩১ মে’লৈকে মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীপ ছাফাৰী অহা ৩১ মে’লৈকে মুকলি কৰি দিয়া হৈছে। পৰ্যটক আৰু জীপ চাফাৰী সন্থাৰ অনুৰোধমৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি উদ্যান কৰ্তৃপক্ষই সদৰি কৰিছে। উল্লেখযোগ্য যে প্রতিকুল বতৰৰ পৰিপ্ৰেক্ষিতত কালিৰ পৰা কাজিৰঙাত জীপ চাফাৰী বন্ধ ঘোষণা কৰা হৈছিল। পৰ্যটকসকলে কাজিৰঙাৰ কঁহৰা, বাগৰি আৰু অগৰাতলীত জীপ ছাফাৰী কৰিব পাৰিব বুলি উদ্যান কৰ্তৃপক্ষই জাননী জাৰি কৰিছে ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চলিত পর্যটন বর্ষত সর্বাধিক পর্যটকে পৰিদৰ্শন কৰা দেশৰ ৰাষ্ট্ৰীয় উদ্যানৰ তালিকাত তৃতীয় স্থান লাভ কৰিছে। ২০২৪-২৫ পর্যটন বৰ্ষত ৪ লাখ ৪৩ হাজাৰ পৰ্যটকে উদ্যানখন ভ্ৰমণ কৰিছিল। ইয়াৰ পৰা ১১ কোটি টকাৰো অধিক ৰাজহ সংগ্ৰহ হৈছে বুলি উদ্যানখনৰ সঞ্চালক ড° সোণালী ঘোষে প্ৰকাশ কৰিছে। যোৱা বছৰৰ তুলনাত এইবাৰ ৩৫ শতাংশ পর্যটক বৃদ্ধি হৈছে বুলি তেওঁ প্ৰকাশ কৰে।

ইফালে ৰাজ্যৰ আন এখন প্রখ্যাত ৰাষ্ট্ৰীয় উদ্যান মানাহ দৰ্শনাৰ্থীৰ বাবে বছৰৰ ১২ মাহে খোলা ৰখাৰ চিন্তা-চৰ্চা কৰি থকা হৈছে বুলি পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে জানিবলৈ দিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।