January 1, 2025 2:28 PM | NMCG

printer

ৰাষ্ট্ৰীয় স্বচ্ছ গংগা অভিযানৰ অধীনত ২৭২ কোটি টকা ব্যয় সাপেক্ষ প্রকল্প অনুমোদন

কেন্দ্ৰীয় চৰকাৰে উত্তৰ প্ৰদেশৰ চন্দৌলি আৰু মানিকপুৰত ৰাষ্ট্ৰীয় স্বচ্ছ গংগা অভিযানৰ অধীনত ২৭২ কোটি টকা ব্যয় সাপেক্ষ এটা প্রকল্প অনুমোদন জনাইছে। ৰাষ্ট্ৰীয় স্বচ্ছ গংগা অভিযানৰ সঞ্চালক প্ৰধান ৰাজীৱ কুমাৰ মিউলৰ অধ্যক্ষতাত অনুষ্ঠিত ৫৯ সংখ্যক কার্ববাহী সমিতিৰ বৈঠকত কালি গংগা নদীৰ সংৰক্ষণ আৰু পুনঃউজ্জীরিত কৰণৰ বাবে ভালেমান প্রকল্পত অনুমোদন জনোৱা হয়। গংগা নদীৰ স্বচ্ছতা, বহনক্ষণ বিকাশ তথা ইয়াৰ পাৰিবেশিক আৰু সাংস্কৃতিক গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ সমূহ গ্রহণ কৰা হৈছে। বিহাৰৰ বক্সাৰৰ গংগা নদীৰ সংৰক্ষণৰ ক্ষেত্ৰত এটা গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে সমিতিখনে ২৫৭ কোটি টকা ব্যয় সাপেক্ষে আন এটা অভিলাসী প্রকল্পতো অনুমোদন জনায়।