ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমীক গৱেষণা আৰু নীতি সংক্ৰান্তীয় বিষয়ৰ গুৰুত্বপূর্ণ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমীৰ তৃতীয় সমাৱৰ্তনত অংশগ্ৰহণ কৰি বিশ্ববিদ্যালয়খনক গৱেষণা আৰু নীতি সংক্ৰান্তীয় বিষয়ত গুৰুত্বপূর্ণ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়। ড০ শর্মাই স্নাতক ডিগ্রী লাভ কৰা শিক্ষার্থীসকলক অভিনন্দন জনাই কয়, যে এই সমাৱৰ্তন হৈছে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানখনৰ লগতে অসমৰ অগ্ৰগতিৰ ইতিবাচক পৰিচায়ক। মুখ্যমন্ত্ৰীয়ে শিক্ষাৰ্থীৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়খনৰ অনন্য ভূমিকাৰ প্ৰশংসা কৰে। আইনৰ শিক্ষা ক্ষমতা লাভৰ বাবে নহয়, বৰঞ্চ ই ন্যায় প্ৰদানৰহে অস্ত্ৰ বুলি ড০ শৰ্মাই উল্লেখ কৰে। আইনৰ শিক্ষাই যুক্তিপূৰ্ণ আৰু মূল্যবোধৰ আধাৰত চিন্তা কৰিবলৈ শিকাই বুলি উল্লেখ কৰি তেওঁ যিকোনো গণতান্ত্ৰিক ৰাষ্ট্ৰৰ বাবে আইনী ব্যৱস্থা মেৰুদণ্ড স্বৰূপ বুলি মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।