সমান কামৰ সম দৰমহাৰ লগতে কেইবাটাও দাবীৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰীৰ দলে কালিৰে পৰা ৰাজ্যজুৰি ৰূপায়ণ কৰা কৰ্মবিৰতি আৰু অৱস্থান ধর্মঘট কার্যসূচী আজিও অব্যাহত থাকে। শিৱসাগৰ জিলাত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্থা, সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যান সন্থা আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কর্মচাৰীসকলে কাৰ্যসূচীত আজিও অংশ লয়। সম দৰমহা আৰু নিয়মীয়া কৰ্মচাৰীৰ দৰে গ্ৰেছুইটিৰ দাবীৰে ৩ দিনীয়াকৈ এই কাৰ্যসূচী পাপন কৰা হৈছে। ধেমাজী জিলাতো ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰীসকলে আজি দ্বিতীয় দিনাও এই কাৰ্যসূচী ৰূপায়ণ কৰে। ধেমাজী আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত এই কৰ্মচাৰীসকলক আজি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সাক্ষাৎ কৰি তেওঁলোকৰ দাবী সম্বলিত স্মাৰকপত্ৰ গ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে কৰ্মচাৰীসকলৰ সমস্যাসমূহ ৰাজ্য চৰকাৰে শীঘ্ৰে সমাধান কৰিব বুলি প্রতিশ্রুতি দিয়ে। কামৰূপ জিলাত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰীসকলৰ কর্মবিৰতিৰ ফলত সমষ্টিভিত্তিত অনুষ্ঠিত হ‘বলগীয়া দুখন বৃহৎ স্বাস্থ্য মেলা স্থগিত ঘোষণা কৰা হয়। এই প্রতিবাদী কাৰ্যসূচী বন্ধ হোৱাৰ পাছতহে স্বাস্থ্য মেলা অনুষ্ঠিত হ‘ব বুলি আজি এখন সংবাদমেলত জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অজিত দাসে প্রকাশ কৰে। উল্লেখযোগ্য যে কামৰূপ জিলাত এহেজাৰ ২৫৫ গৰাকী ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰীয়ে এই কর্মবিৰতি পালন কৰিছে। গোৱালপাৰা জিলাতো কালিৰে পৰা এই প্ৰতিবাদী কাৰ্যসূচী ৰপায়ণ কৰা হৈছে। গোৱালপাৰা চহৰৰ ছহিদ নিধনুৰাম ৰাজবংশী অসামৰিক চিকিৎসালয় প্রাঙ্গনত এই কার্যসূচী চলি আছে। ইয়াৰ ফলত চিকিৎসালয়খনত স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে।
Site Admin | November 4, 2025 7:45 PM | National helath mission
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰী দলৰ ৰাজ্যজুৰি ৰূপায়ণ কৰা ধর্মঘট কার্যসূচী অব্যাহত