ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 27, 2025 8:19 PM | national games

printer

কাইলৈ ডেৰাডুনত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া আনুষ্ঠানিকভাৱে উদ্বোধন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ উত্তৰাখণ্ডৰ ডেৰাডুনত কাইলৈ ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। ডেৰাডুনৰ মহাৰাণা প্রতাপ ষ্টেডিয়ামত হবলগীয়া বর্ণাঢ্য উদ্বোধনী অনুষ্ঠানত শ্রীমোদীৰ লগতে কমনৱেলথ গেমছ ফেডাৰেচনৰ সভাপতি ক্ৰিছ জেনকিনছ, উত্তৰাখণ্ডৰ ৰাজ্যপাল গুৰমিত সিং, মুখ্যমন্ত্রী পুষ্কৰ সিং ধামী, ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পিটি ঊষাসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰিব। অসম অলিম্পিক সন্থাৰ হৈ সম্পাদক লক্ষ্য কোঁৱৰে উদ্বোধনী অনুষ্ঠানত আমন্ত্রিত অতিথি হিচাপে ভাগ ল’ব। এইবাৰৰ ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত মুঠ ৩৭ খন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু বিভাগীয় দলৰ ১০ হাজাৰতকৈও অধিক খেলুৱৈ তথা বিষয়ববীয়াই অংশগ্ৰহণ কৰিব। এই ক্রীড়া সমাৰোহৰ শুভ উদ্বোধনী কাইলৈ হ’ব যদিও ইতিমধ্যে কিছুসংখ্যক খেল কালিৰে পৰা আৰম্ভ হৈছে।

কাইলৈৰ উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ দুই তাৰকা আন্তৰ্জাতিক ক্রীড়াবিদ মহিলা শ্বাটলাৰ অস্মিতা চলিহা আৰু পুৰুষ উশু খেলুৱৈ চানমা ব্ৰহ্মই অসম দলৰ ধবজা বহন কৰিব। উদ্বোধনী অনুষ্ঠানত প্ৰতিটো দলৰ ২৫ গৰাকীকৈ খেলুৱৈ তথা বিষয়ববীয়াক অংশগ্ৰহণৰ সুযোগ দিয়া হৈছে। ইপিনে, গুৱাহাটীৰ পৰা যোৱা অসম অলিম্পিক সন্থাৰ প্ৰতিনিধি দলটোৱে নতুন দিল্লীত কালি সন্থাৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে। এইবাৰ ৰাষ্ট্ৰীয় ক্রীড়াত অসমে মুঠ ২২ বিধ খেলত অংশ লব।