আজি ৰাষ্ট্ৰীয় মীন পালক দিৱস

আজি ৰাষ্ট্ৰীয় মীন পালক দিৱস। ১৯৫৭ চনৰ ১০ জুলাইত ভাৰতৰ দুগৰাকী বিজ্ঞানীয়ে মীন পালন ক্ষেত্ৰখনলৈ আগবঢ়াই থৈ যোৱা অনবদ্য অৱদানৰ স্মৃতি যুগমীয়া কৰাৰ লগতে দেশৰ প্ৰতিগৰাকী মীন পালক আৰু ভাৰতৰ মীন খণ্ডক সমৃদ্ধ কৰা সকলো বিজ্ঞানী তথা মৎস্য বিশেষজ্ঞলৈ ৰাজহুৱাকৈ ধন্যবাদ জ্ঞাপন কৰাৰ উদ্দেশ্যে ২০০১ চনৰ পৰা প্ৰতি বছৰে ১০ জুলাইৰ দিনটো ৰাষ্ট্ৰীয় মীন পালক দিৱস হিচাপে সমগ্র দেশজুৰি পালন কৰি অহা হৈছে। অসমকো মৎস্য উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল ৰাজ্য হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে মীন বিভাগে প্রধানমন্ত্রী মৎস্য সম্পদা যোজনা, গ্রাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি, মুখ্যমন্ত্ৰীৰ সমগ্র গ্রাম্য উন্নয়ন যোজনা, মীন ক্ষেত্ৰত জড়িত লোকৰ বাবে বিশেষ কে-চি-চি ঋণৰ ব্যৱস্থা আদি কেইবাখনো আঁচনি ৰূপায়ণ কৰিছে। মীন পালক দিৱস উপলক্ষে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু মীন পৰিবহন আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।