ৰাজ্যত কাইলৈ অগ্নি নির্বাপক সেৱা সপ্তাহৰ সামৰণি

ৰাজ্যত যোৱা ১৪ এপ্ৰিলৰ পৰা পালন কৰা অগ্নি নির্বাপক সেৱা সপ্তাহৰ কাইলৈ সামৰণি পৰিব। এই সময়ছোৱাত ৰাজ্যৰ অগ্নি আৰু আপদকালীন সেৱা সঞ্চালকালয়ে অগ্নিকাণ্ডৰ পৰা হাত সাৰি থাকিবৰ বাবে জনসাধাৰণক সজাগ কৰিবলৈ ভালেমান কাৰ্যসূচী গ্ৰহণ কৰিছে। ইয়াৰ লগতে ৰাইজক জুই লগা ঘটনাৰ পৰা হাত সাৰিবলৈ  বিভিন্ন পৰামৰ্শ জাৰি কৰিছে। এই অনুসৰি বিদ্যুতৰ বিভিন্ন আহিলাসমূহ নিয়মীয়াকৈ পৰীক্ষা কৰাৰ উপৰি শ্বৰ্ট চাৰ্কিটৰ পৰা হাত সাৰি থাকিবলৈ মিনিয়েচাৰ চাৰ্কিট ব্যৱহাৰৰ পৰামৰ্শ দিছে। তদুপৰি ঘৰৰ পৰা ওলাই যোৱাৰ আগতে সকলো বৈদ্যুতিক সা-সঁজুলি আৰু ৰন্ধন গেছৰ ৰেগুলেটৰ বন্ধ কৰি যাবলৈও কোৱা হৈছে। ৰন্ধন গেছৰ চিলিণ্ডাৰত জুই লাগিলে আতংকিত নহয় ন’বটো বন্ধ কৰিবলৈ আৰু জ্বলি থকা চিলিণ্ডাৰ তিতা কাপোৰেৰে ঢাকিবলৈ পৰামৰ্শ দিয়া হৈছে। বাসগৃহ, বিদ্যালয় আৰু অন্য প্ৰতিষ্ঠানত অগ্নিনির্বাপণৰ আহিলাসমূহ সহজে ঢুকি পোৱা ঠাইত ৰখাৰ লগতে এইসমূহ নিৰাপদ আৰু ফলপ্রসূভাৱে ব্যৱহাৰৰ কৌশল শিকি ল’বলৈ কোৱা হৈছে। একেদৰে ঘৰত বা কৰ্মক্ষেত্ৰত নিয়মিতভাৱে অগ্নিনির্বাপক বাহিনীৰ অনুশীলন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।