সমগ্ৰ ৰাষ্ট্ৰই আজি ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ঐতিহাসিক লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ১০৫ মিনিট জোৰা দীঘলীয়া ভাষণ দিয়ে। এই ভাষণে তেওঁৰ যোৱা বছৰৰ ৯৮ মিনিট জোৰা স্বাধীনতা দিৱসৰ ভাষণৰ অভিলেখ ভংগ কৰে। শ্ৰীমোদীয়ে ভাষণৰ আৰম্ভণিতে অপাৰেচন সিন্দূৰৰ সাহসী সৈনিকসকললৈ প্ৰণিপাত জনায়। তেওঁ কয়, যে এই অভিযানৰ জৰিয়তে দেশৰ সাহসী সৈনিকসকলে শত্রুপক্ষক যোগ্য প্ৰত্যুত্তৰ দিছে। তেওঁ কয়, যে দেশৰ সশস্ত্র বাহিনীয়ে পাকিস্তানৰ পূৱ খণ্ডৰ কেইবাশ কিলোমিটাৰ ভিতৰলৈ গৈ সন্ত্ৰাসবাদী ঘাটিসমূহ ধূলিসাৎ কৰে। ভাৰতে এতিয়া আৰু পাৰমাণৱিক ভাবুকিৰ ওচৰত সেও নামানে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয়, যে স্বাধীনতা দিৱস আশা আৰু আকাংক্ষাৰ উৎসৱ। তেওঁ কয়, যে এই দিৱস ১৪০ কোটি ভাৰতীয়ৰ সংকল্প আৰু দেশৰ সাফল্যক লৈ গৌৰৱ কৰাৰ উপলক্ষে। প্রধানমন্ত্ৰীয়ে কয়, যে চৰকাৰে ভাৰতবৰ্ষক আত্মনিৰ্ভৰশীল আৰু উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ বাবে কাম কৰি আছে। তেওঁ কয়, যে আত্মনিৰ্ভৰ ভাৰত বিকশিত ভাৰতৰ ভেঁটিস্বৰূপ আৰু সম্প্ৰতি দেশৰ সকলো ক্ষেত্ৰত আধুনিক ব্যৱস্থা গঢ়ি তোলাৰ কাম চলি আছে। দেশে শক্তি আৱশ্যকতা পূৰণৰ বাবে কেইবাখনো দেশৰ ওপৰত নিৰ্ভৰশীল উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে খণ্ডটোত আত্মনিৰ্ভৰশীলতা অৰ্জনত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, যে যোৱা ১১ বছৰত দেশত উৎপাদিত সৌৰশক্তিৰ পৰিমাণ ৩০ গুণ বৃদ্ধি পাইছে। চৰকাৰে ২০৪৭ চনৰ ভিতৰত পাৰমাণিক শক্তি সামর্থ ১০ গুণৰো অধিক বৃদ্ধি কৰাৰ লক্ষ্যৰে আগবাঢ়িছে বুলি প্ৰধানমন্ত্ৰীয়য়ে মন্তব্য কৰে। শ্ৰীমোদীয়ে লগতে দেশত যুৱ প্ৰজন্মৰ বাবে প্ৰায় ১ লাখ কোটি টকাৰে প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা প্ৰৱৰ্তন কৰাৰ কথা ঘোষণা কৰে। তেওঁ কয়, যে এই আঁচনিৰ অধীনত ব্যক্তিগত খণ্ডত প্ৰথম চাকৰি লাভ কৰা যুৱক-যুৱতীসকলক ১৫ হাজাৰ টকা প্ৰদান কৰা হ’ব। এই আঁচনিৰ অধীনত চাৰে ৩ কোটি যুৱক-যুৱতীৰ বাবে কৰ্মসংস্থাপনৰ নতুন সুযোগ সৃষ্টি কৰা হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ কয়, যে দেশে মহাকাশ খণ্ডত অভূতপূর্ব সাফল্য অর্জন কৰিছে। এই সসন্দৰ্ভত শ্রীমোদীয়ে কয়, যে গ্রুপ কেপ্তেইন শুভাংশু শুক্লাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা উভতি আহিছে আৰু তেওঁ কিছুদিনৰ পাছতেই দেশলৈ আহিব। বিগত ৮ বছৰত চৰকাৰে জি এছ টি ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন কৰিছে বুলি উল্লেখ কৰি প্রধানমন্ত্ৰীয়ে কয়, যে ইয়াৰ ফলত দেশত কৰৰ বোজা হ্ৰাস পাইছে। প্রধানমন্ত্রীয়ে কয়, যে দেশে শত্ৰু ৰাষ্ট্ৰৰ যিকোনো প্রচেষ্টা ব্যর্থ কৰাৰ বাবে শক্তিশালী অস্ত্র প্রণালী গঢ়ি তোলাৰ বাবে মিছন সুদর্শন চক্ৰ আৰম্ভ কৰিব। তেওঁ কয়, যে পৰৱৰ্তী ১০ বছৰত এই ৰাষ্ট্ৰীয় সুৰক্ষা ঢালৰ সম্প্ৰসাৰণ সুদৃঢ়কৰণ আৰু আধুনিকীকৰণ কৰা হ’ব। ইয়াৰ আগেয়ে লালকিল্লাত উপস্থিত হোৱাৰ পূৰ্বে শ্রীমোদীয়ে ৰাজঘাটলৈ যায় আৰু জাতিৰ পিতা মহাত্মা গান্ধীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে।
দেশত আজি ৭৯সংখ্যক স্বাধীনতা দিৱস উদযাপন; লালকিল্লাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন
