ডাউনলোড
মোবাইল এপ

android apple
signal

নামেৰী ৰাষ্ট্ৰীয় উদ্যানত দেওহাঁহৰ সংখ্যা বৃদ্ধি

ৰাজ্যিক পক্ষী দেওহাঁহৰ সংৰক্ষণৰ বাবে নামেৰী ৰাষ্ট্ৰীয় উদ্যানত যোৱা বছৰৰ পৰা গ্ৰহণ কৰা বিশেষ প্ৰকল্পৰ ফলত উদ্যানখনত দেওহাঁহৰ সংখ্যা বৃদ্ধি পাইছে। দুষ্প্ৰাপ্য প্ৰজাতিৰ এই পক্ষীবিধ পূর্বে বিহালী সংৰক্ষিত বনাঞ্চল, ডুমডুমা, ডিব্ৰু-চৈখোৱা, দিহিং-পাটকাইকে ধৰি কেইবাখনো বনাঞ্চলত পোৱা গৈছিল যদিও পৰৱৰ্তী সময়ত অন্য বনাঞ্চলসমূহত দেওহাঁহৰ অস্তিত্ব প্ৰায় নাইকিয়া হৈ পৰে। দিহিং পাটকাই আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানতহে এই দুষ্প্রাপ্য প্ৰজাতিৰ পক্ষীবিধ বৰ্তি থকাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে যোৱাবছৰ নামেৰিত এই প্ৰকল্প আৰম্ভ কৰে। ইয়াৰ অধীনত দেওহাঁহৰ বিচৰণ ক্ষেত্ৰ তথা বিলসমূহৰ চোৱাচিতা কৰাৰ লগতে এই পক্ষীবিধৰ উপযোগীকৈ তিনিখন বিল সাজু কৰি তোলা হয়। তিনিওখন বিললৈ যথেষ্ট সংখ্যক দেওহাঁহৰ আগমন ঘটাৰ ফলত পক্ষীবিধৰ আশা ব্যঞ্জকভাৱে বংশবৃদ্ধি হৈছে বুলি উদ্যানখনৰ সূত্ৰই প্ৰকাশ কৰিছে। বর্তমান উদ্যানখনত থকা ৭০ৰ পৰা ৮০ টা দেওহাঁহ চাবলৈ দেশ-বিদেশৰ অগণন পৰ্যটকৰ আগমন ঘটে। উদ্যানখনত এই পক্ষীবিধৰ গতি-বিধি নিৰূপণৰ বাবে কমেও দুটা পক্ষীৰ দেহত ৰেডিঅ’কলাৰ নামৰ বিশেষ সঁজুলি সংস্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ সূত্ৰই প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।