ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান নলবাৰীৰ উদ্যোগত মেলেৰিয়া প্ৰতিৰোধ মাহৰ কাৰ্যসূচী শুভাৰম্ভ

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান নলবাৰীৰ উদ্যোগত আজি জিলাখনৰ মৰোৱাৰ আনন্দৰাম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মেলেৰিয়া প্ৰতিৰোধ মাহৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। সমগ্ৰ ৰাজ্যজুৰি ১ জুনৰ পৰা ৩০ জুনলৈ মেলেৰিয়া প্ৰতিৰোধ মাহ পালন কৰা হৈছে। নলবাৰীৰ জিলা স্বাস্থ্য বিভাগে মেলেৰিয়াৰ লগতে ডেংগি, জাপানীজ এনকেফেলাইটিছ, ফাইলেৰিয়া আদিৰ ৰোগৰ লক্ষণ প্ৰতিকাৰ আৰু সাৱধানতা সম্পর্কত জন সজাগতা কার্যসূচী অব্যাহত ৰাখিছে। আজিৰ কাৰ্যসূচীত অংশ লৈ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ কৈলাশ ডেকাই কয় যে উপযুক্ত পৰিকল্পনা, ব্যৱস্থাপনা আৰু সজাগতাৰ জৰিয়তে বাহকজনিত ৰোগ নিৰ্মূল কৰিব পৰা যায়। চলিত বৰ্ষত বৰ্তমানলৈ জিলাখনত মেলেৰিয়াত দুজন আৰু ডেংগিত ১০ জন লোক আক্ৰান্ত হৈছে। অৱশ্যে জাপানীজ এনকেফেলাইটিছত কোনো লোক আক্রান্ত হোৱা নাই। আজিৰ কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলে মেলেৰিয়া প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সম্পৰ্কে আলোচনা কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।