ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 2, 2025 6:36 PM | Nalbari farmers

printer

কৃষকসকলৰ বিভিন্ন সমস্যাসমূহৰ সন্দৰ্ভত নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰত সভা অনুষ্ঠিত

নলবাৰী জিলাৰ উদ্যানশস্যৰ সৈতে জড়িত কৃষকসকলৰ বিভিন্ন সমস্যাসমূহৰ বিষয়ে আলোচনা কৰি ইয়াৰ সমাধান উলিওৱাৰ উদ্দেশ্যে আজি নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰত এখন সভা অনুষ্ঠিত হয়। অসম উদ্যানশস্য সমিতিৰ উদ্যোগত অনুষ্ঠিত এই সভাত জিলাখনৰ উদ্যানশস্য মহাবিদ্যালয়ৰ সহযোগী ডীন, বিশিষ্ট কৃষি বিজ্ঞানী ডº মৃদুল ডেকাই সভাপতিত্ব কৰে। উদ্যানশস্যৰ বাবে উপযোগী জলবায়ু আৰু উৰ্বৰ ভূমিৰ বাবে অসমত বিভিন্ন প্ৰকাৰৰ ফল-মূল, শাক-পাচলিকে ধৰি ঔষধী গুণসম্পন্ন গছ-গছনি প্ৰচুৰ পৰিমাণে পোৱা যায়। উদ্যানশস্যৰ উৎপাদন বৃদ্ধিৰে আত্মনিৰ্ভৰ হ’ব পৰাকৈ চৰকাৰে এই ক্ষেত্ৰত প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ লগতে কাঠফুলা খেতি, মৌ পালন, নাৰিকল উন্নয়ন পৰিষদ আঁচনি, জৈৱিক কৃষি আদিৰ ব্যৱস্থা কৰি আহিছে। আজিৰ সভাত কৃষকসকলৰ সৈতে এই বিষয়সমূহত আলোচনা কৰা হয়। সভাত বিভিন্ন প্ৰান্তৰ পৰা অহা কৃষকসকলক লৈ নলবাৰী জিলা উদ্যানশস্য সমিতি গঠন কৰা হয়।