ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 2, 2024 7:53 PM | Nalbari

printer

ৰাজ্যজুৰি হৃদ ৰোগ আৰু ৰক্তজনিত ৰোগত আক্ৰান্ত শিশুৰ ৰোগ চিনাক্তকৰণ আৰু চিকিৎসা শিবিৰ অনুষ্ঠিত

হৃদ ৰোগ আৰু ৰক্তজনিত ৰোগত আক্ৰান্ত শিশুৰ ৰোগ চিনাক্তকৰণ আৰু চিকিৎসা শিবিৰ আজিৰেপৰা ৰাজ্যজুৰি অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত জিলাই জিলাই এই ব্যৱস্থা লোৱা হৈছে। নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালতো এই শিবিৰ মুকলি কৰা হৈছে। নলবাৰীত আজি হৃদৰোগ, থেলাছেমিয়া আৰু কৰ্কট ৰোগ চিনাক্তকৰণৰ বাবে ডেৰ শতাধিক শিশুৰ স্বাস্থ্য পৰীক্ষা কৰা হয় । বাক্সা আৰু নলবাৰী জিলাৰ জটিল ৰোগত আক্ৰান্ত শিশুসকলৰ বাবে এই শিবিৰ মুকলি কৰি ৰোগ চিনাক্তকৰণৰ পাছত পৰ্যায়ক্রমে বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰা হব। প্ৰয়োজনসাপেক্ষে বহিঃৰাজ্যতো এই শিশুসকলৰ চিকিৎসা কৰোৱা হব বুলি প্ৰকাশ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।