July 5, 2025 8:45 PM | Nahal modi

printer

নেহাল মোদীক প্ৰশাসনে গ্ৰেপ্তাৰ কৰা বুলি ভাৰতক অৱগত আমেৰিকান প্ৰশাসনৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ন্যায় বিভাগে পলাতক অর্থনৈতিক অপৰাধী নীৰৱ মোদীৰ ভাতৃ নেহাল মোদীক কালি আমেৰিকান প্ৰশাসনে গ্ৰেপ্তাৰ কৰা বুলি ভাৰতক অৱগত কৰিছে। বিধি বলৱৎকাৰী সঞ্চলকালয় আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আয়ে যুটীয়াভাৱে প্ৰত্যাপনৰ বাবে অনুৰোধ জনোৱাৰ পাছত তেওঁক গ্ৰেপ্তাৰ কৰা হয় ৷ বিধি বলৱৎকাৰী সঞ্চলকালয়ে কৈছে, যে আমেৰিকাৰ ন্যায় ব্যৱস্থাত দাখিল কৰা অভিযোগ অনুসৰি দুটা গোচৰত নেহাল মোদীৰ প্ৰত্যাপনৰ বিচাৰ প্ৰক্ৰিয়া চলাই থকা হৈছে। ক’লা ধন বৈধ কৰণ আৰু অপৰাধমূলক ষড়যন্ত্ৰ এই দুটা গোচৰত বিচাৰ প্ৰক্ৰিয়া চলি আছে। ভাৰতত পাঞ্জাৱ নেচনেল বেংকৰ কেইবা কোটি ডলাৰৰ জালিয়াতিৰ গোচৰত নেহাল মোদীক বিচাৰি থকা হৈছে। ই ডি আৰু চি বি আইৰ তদন্তত নেহাল মোদী নীৰব মোদীৰ অবৈধ ধনৰ লেনডেন সংক্রান্তীনয় অপৰাধৰ এজন মূল ষড়যন্ত্ৰকাৰি আছিল বুলি জানিব পৰা গৈছিল। নীৰৱ মোদী সম্প্ৰতি ব্ৰিটেইনত আছে আৰু তেওঁৰ প্ৰত্যাপনৰ বিচাৰ প্ৰক্ৰিয়াও অব্যাহত আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।