December 5, 2025 6:38 PM | Evection

printer

ৰূপহীহাট থানাৰ অন্তর্গত ভকতগাঁৱত আজি শান্তিপূর্ণভাৱে উচ্ছেদ অভিযান সম্পন্ন

নগাঁও জিলা প্রশাসনে ৰূপহীহাট থানাৰ অন্তর্গত ভকতগাঁৱত আজি উচ্ছেদ অভিযান চলায়। প্রশাসনে প্রায় ৩৮ বিঘা ভূমিত অবৈধভাৱে বাস কৰা ৭৫টা পৰিয়ালক উচ্ছেদ কৰে। জিলা প্রশাসনে ইতিমধ্যে দখলীকৃত ভূমি খালী কৰাৰ বাবে প্ৰেৰণ কৰা জাননী লাভ কৰাৰ পাছতে একাংশ পৰিয়ালে সেই ঠাই এৰি আঁতৰি যায়। আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ উপস্থিতিত আজি বাকী থকা পৰিয়ালসমূহক উচ্ছেদ কৰা হয়। এই উচ্ছেদ অভিযান শান্তিপূর্ণভাৱে সম্পন্ন হয় বুলি আমাৰ নগাঁৱৰ সংবাদদাতাই জনাইছে।