ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সম্ভাব্য বান পৰিস্থিতি সম্পৰ্কত পৰ্যালোচনা বৈঠক

অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সৌজন্যত আৰু নগাঁও জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু চক্র বিষয়াসকল উপস্থিত থকা এই বৈঠকত বাৰিষাকালত হ’ব পৰা সম্ভাব্য বান পৰিস্থিতি সম্পৰ্কত আলোচনা কৰা হয়। সভাখনত দৃশ্য-শ্রাব্য মাধ্যমৰ জৰিয়তে জিলাখনৰ দুৰ্যোগ প্রশমনৰ বাবে প্ৰস্তুত কৰা পৰিকল্পনাসমূহ উপস্থাপন কৰা হয়। সভাত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ যুটীয়া সচিব সত্যজিৎ চেতিয়াই জিলাখনত গ্ৰহণ কৰা বান কৰ্ম পৰিকল্পনা সম্পৰ্কত বুজ লয় আৰু আদৰ্শ সাহায্য শিবিৰবোৰত সকলো ব্যৱস্থা সুপৰিকল্পিতভাৱে গঢ়ি তোলা আৰু সাজু ৰখাৰ বাবে পৰামৰ্শ আগবঢ়ায়। তেওঁ চক্ৰ বিষয়াসকলক বান হোৱা স্থানসমূহ আগতীয়াকৈ পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ লগত জড়িত কৰ্মবাহিনীৰ সভাসমূহ অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি জলসম্পদ আৰু লোকনিৰ্মাণ-পথ বিভাগৰ পৰা ৰাস্তাঘাট, মথাউৰি আদিৰ স্থিতি সম্পৰ্কত বুজ লয়। তদুপৰি বানপানীৰ সময়ত প্ৰয়োজনীয় অত্যাৱশ্যকীয় সামগ্রী, খাদ্য, ঔষধ আদি মজুতকৰণ সম্পৰ্কীয় নিৰ্দিষ্ট বিভাগৰ পৰা বুজ লয়।