পশ্চিমবংগসহ উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ মাদকদ্রব্য নিবাৰণী কাৰ্যবাহিনীৰ মুৰব্বীসকলৰ প্ৰথমখন আঞ্চলিক সম্মিলন নাগালেণ্ডৰ আৰক্ষী চৌহদৰ চুমৌকেদিমাত আৰম্ভ হৈছে। নাগালেণ্ড আৰক্ষীয়ে মাদকদ্রব্য নিয়ন্ত্রণ ব্য‘ৰৰ সহযোগত এই দুদিনীয়া সম্মিলনৰ আয়োজন কৰিছে। নিচামুক্ত ভাৰত অভিযানৰ অধীনত আয়োজিত এই সন্মিলনত মাদকদ্রব্যৰ যোগান নিয়ন্ত্রণ, পুনৰ বাসন, বলৱৎকৰণ আৰু নিচামুক্তি বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। সন্মিলনত অংশগ্ৰহণ কৰি নাগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান ৰূপীন শর্মাই মাদকদ্রব্য বিৰোধী যুঁজৰ দিশৰ পৰা উত্তৰ-পূৰ্বাঞ্চলক গুৰুত্বপূৰ্ণ এলেকা বুলি অভিহিত কৰে আৰু ৰাজ্য কেইখন সম্মুখীন হোৱা সুকীয়া প্ৰত্যাহ্বানৰ বিষয়ে উল্লেখ কৰে। তেওঁ ১৯৮৫ চনৰ মাদকদ্রব্য অধিনিয়মৰ সংশোধন আৰু উত্তৰ-পূৰ্বাঞ্চল মাদকদ্রব্য সৰবৰাহ প্ৰতিৰোধী সংস্থা গঠনসহ ভালেমান নীতিগত সংসস্কাৰৰ বাবে আহ্বান জনায়। অনুষ্ঠানতভাগ লৈ ৰাষ্ট্ৰীয় মাদকদ্রব্য নিয়ন্ত্রণ ব্যুৰ সঞ্চালক প্রধান অনুৰাগ গার্গে এই বিভীষিকা দূৰ কৰাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত বিধি বলবৎকাৰী, চোৰাংচোৰা আৰু সুৰক্ষা সংস্থাসমূহৰ মাজত শক্তিশালী সমন্বয়ৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। সন্মিলনত মাদকদ্রব্য নিয়ন্ত্রণ ব্যুৰ, সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰ্যালয় আৰু পশ্চিমবংগসহ উত্তৰ-পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ আৰক্ষী বিষয়াসকলে অংশগ্রহণ কৰিছে।
Site Admin | November 14, 2025 12:17 PM | Nagaland:
নাগালেণ্ডত মাদকদ্রব্য নিবাৰণী কাৰ্যবাহিনীৰ মুৰব্বীসকলৰ প্ৰথমখন আঞ্চলিক সম্মিলন আৰম্ভ