চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বানৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ কমেও তিনিজন লোকৰ মৃত্যু হয়। ডিমাপুৰৰ কুড়াগাঁৱৰ এটা জলমগ্ন আৰক্ষী আৱাসত কালি এটা ইনভাৰ্টাৰত বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী মহিলাৰ মৃত্যু হয়। ৰাজ্যখনত কেইবাদিনো ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত ভালেমান অঞ্চল প্লাৱিত হৈছে আৰু বহু লোকে নিজৰ বাসগৃহ এৰি আন ঠাইত আশ্ৰয় ল’বলগীয়া হৈছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে আবদ্ধ লোকসকলক সুৰক্ষিত স্থানলৈ লৈ যোৱাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ৰাজ্যখনৰ ঠায়ে ঠায়ে ভূমিস্খলন আৰু কৃত্ৰিম বানৰ ফলতো সমস্যাৰ সৃষ্টি হৈছে। ২৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এচোৱা বোকাময় হৈ পৰাৰ ফলত যান-বাহনৰ চলাচলত অসুবিধাৰ সৃষ্টি হৈছে। ডিমাপুৰ বিমান বন্দৰৰ পৰা কালি সকলো বাণিজ্যিক বিমানৰ উৰণ প্ৰতিকূল বতৰৰ বাবে বাতিল কৰা হয়।
Site Admin | July 7, 2025 8:10 PM | Nagaland flood
নাগালেণ্ডৰ বানত বিদ্যুৎস্পৃষ্ট হৈ কমেও তিনিজন লোকৰ মৃত্যু