September 6, 2024 12:57 PM | Nagaland:

printer

দুদিনীয়া ভ্রমণসূচীৰে আজি নাগালেণ্ডলৈ ৰামদাস আঠাৱাল

সামাজিক ন্যায় আৰু নিয়োগ বিভাগৰ ৰাজ্যমন্ত্ৰী ৰামদাস আঠাৱালে আজি দুদিনীয়া ভ্রমণসূচীৰে নাগালেণ্ডলৈ যাব। মন্ত্ৰীগৰাকীয়ে আজি বিয়লি ৰাজ্যখনত উপস্থিত হোৱাৰ পাছত চোবিমা চুমৌকেদিমাত থকা ব্যক্তিগত বাসগৃহত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅৰিঅক সৌজন্যমূলক সাক্ষাৎ কৰিব। ইয়াৰ পাছত শ্রীআঠাৱালেই বিয়লি চাৰি মাইলৰ এগ্রি এক্সপোত মণ্ডি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। দিল্লীলৈ ৰাওনা হোৱাৰ পূৰ্বে তেওঁ কাইলৈ নাইথু ৰিজোৰ্টত ৰাজ্যখনৰ সমাজ কল্যাণ বিভাগৰ বিষয়াসকলৰ সৈতে বৈঠকত ভাগ লব।