কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে আজি ঘোষণা কৰিছে যে ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন সংস্থা চমুকৈ নাফেডে অচিৰেই কৃষকৰ দ্বাৰা উৎপাদিত সামগ্ৰী প্ৰত্যক্ষভাৱে আহৰণ কৰিব। ইয়াৰ ফলত কৃষিজাত সামগ্ৰী আহৰণৰ ক্ষেত্ৰত মধ্যস্থতাকাৰী নোহোৱা কৰিব। মুম্বাইত আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষ হিচাপে আয়োজিত ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি তেওঁ এই কথা প্ৰকাশ কৰে। শ্ৰীশ্বাহে ইয়াৰ ফলত কৃষকসকল লাভান্বিত হ’ব আৰু তেওঁলোকে উচিত মূল্য লাভ কৰিব বুলি আশা প্রকাশ কৰে। তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে অচিৰেই সমবায় আৰ্হিৰে এটা বীমা কোম্পানী খুলিব। গৃহমন্ত্ৰীগৰাকীয়ে সমগ্ৰ দেশত ২ লাখ নতুন প্রাথমিক কৃষি ঋণ সমিতি গঠন কৰা হ’ব বুলি জানিবলৈ দিয়ে। শ্ৰীশ্বাহে পৰৱৰ্তী ১০ বছৰত বৃহৎ সমবায় প্রতিষ্ঠানসমূহে ৰপ্তানি, জৈৱিক খাদ্য-শস্য আৰু বীজৰ এই তিনিটা মূল ক্ষেত্ৰত কৃষকসকলৰ সমৃদ্ধিৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি অৱগত কৰে। অনুষ্ঠানত পাঁচবিধ নাফেড সামগ্ৰী মুকলি কৰা হয় আৰু কৃষিজাত সামগ্রী উৎপাদন কৰা পাঁচটা কোম্পানীৰ প্ৰতিনিধিক আবণ্টিত অনুদান বিতৰণ কৰা হয় ।
Site Admin | June 20, 2025 9:37 PM | NAFED soon to start direct procurement from farmers | says Union Minister Amit Shah
ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন সংস্থাই কৃষকৰ দ্বাৰা উৎপাদিত সামগ্ৰী প্ৰত্যক্ষভাৱে আহৰণ কৰিব বুলি কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহৰ ঘোষণা