আয়ুষ ব্যৱস্থাক আধুনিক চিকিৎসাৰ সৈতে একত্ৰিত কৰাৰ বাবে স্বাস্থ্য সেৱা খণ্ডত নীতিৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰা হৈছেঃ জে পি নাড্ডা

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই কয়, যে আয়ুষ ব্যৱস্থাক আধুনিক চিকিৎসাৰ সৈতে একত্ৰিত কৰাৰ বাবে স্বাস্থ্য সেৱা খণ্ডত নীতিৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰা হৈছে। বেংগালুৰুত কালি স্বামী বিবেকানন্দ যোগ অনুসন্ধান সংস্থানে স্থাপন কৰা স্কুল অৱ এডভান্স ষ্টাডিজৰ নতুন চৌহদ মুকলি কৰি শ্ৰীনাড্ডাই এই কথা উল্লেখ কৰে। তেওঁ কয়, যে এটা সহযোগিতামূলক দৃষ্টিকোণ গ্রহণ কৰা হৈছে, য’ত আধুনিক চিকিৎসা প্ৰদান কৰা চিকিৎসকসকলে লাভদায়ক আয়ুষ চিকিৎসাৰ গ্ৰহণ কৰাৰ পৰামৰ্শ দিয়ে। তেওঁ কয়, যে দেশৰ ২২ খন অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান এইমছৰ চিকিৎসালয়ত আয়ুষ ব্লক সংযোজন কৰা হৈছে। তেওঁ কয়, যে আয়ুষ মন্ত্ৰ্যালয়ে পৰম্পৰাগত ঔষধৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ বাবে ১০৩ খন দেশৰ সৈতে সহযোগিতা কৰিছে আৰু বিশ্ব স্বাস্থ্য সংস্থাই এই পৰম্পৰাগত ঔষধসমূহৰ গৱেষণা আৰু উদ্ভাৱনক উদগণি যোগোৱাৰ বাবে গুজৰাটৰ জামনগৰত এটা বিশ্ব পৰম্পৰাগত ঔষধ কেন্দ্ৰ স্থাপন কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।