টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী ভাৰতীয় মল্লযোদ্ধা বজৰং পুনিয়াক ৪ বছৰৰ বাবে নিলম্বন

ৰাষ্ট্ৰীয় এণ্টি ড’পিং সংস্থা (নাডা)ই টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী ভাৰতীয় মল্লযোদ্ধা বজৰং পুনিয়াক তেওঁৰ তেজৰ নমুনা পৰীক্ষাৰ বাবে দিবলৈ অস্বীকাৰ কৰাৰ কাৰণে ৪ বছৰৰ বাবে নিলম্বন কৰিছে। যোৱা ১০ মাৰ্চত ৰাষ্ট্ৰীয় দল নিৰ্বাচনৰ বাবে হোৱা অনুশীলনৰ সময়ত পুনিয়াই নিজৰ তেজৰ নমুনা পৰীক্ষাৰ বাবে দিবলৈ অস্বীকাৰ কৰিছিল আৰু ইয়াৰ বাবেই খেলুৱৈগৰাকীক প্ৰথমে ২৩ এপ্রিল পর্যন্ত নিলম্বন কৰা হৈছিল। বিশ্ব মল্লযুদ্ধ সংস্থাইও পুনিয়াক ইতিমধ্যে নিলম্বন কৰিছে। এই নিলম্বনৰ বিৰুদ্ধে বজৰং পুনিয়াই জনোৱা আবেদন নাডাই কালি প্ৰত্যাখ্যান কৰে আৰু ৪ বছৰৰ বাবে যিকোনো দেশীয় আৰু আন্তর্জাতিক প্রতিযোগিতাত ভাগ লোৱাৰ ক্ষেত্ৰত তেওঁৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।