স্বনামধন্য কবি, শিশু সাহিত্যিক, ঔপন্যাসিক নৱকান্ত বৰুৱাৰ পুণ্য তিথি উপলক্ষে আজি শ্রদ্ধা নিবেদন কৰা হৈছে। অসমীয়া আধুনিক কবিতাৰ নৱজাগৰণৰ বাহকৰূপে সন্মানিত বৰুৱাৰ কবিতাসমূহ জীৱনৰ ৰহস্য আৰু উপলব্ধি, প্ৰেমৰ অনুকম্প প্ৰকাশ আৰু পৃথিৱীৰ প্ৰতি ভাল পোৱাৰে সমৃদ্ধ। তেওঁৰ ভাৱ আৰু ভাষাই সাম্প্রতিক সময়তো জনমানসক আলোড়িত কৰে।
হে অৰণ্য, হে মহানগৰ, ৰত্নাকৰ, এটি দুটি এঘাৰটি তৰাকে ধৰি কেইবাখনো কাব্য সংকলন ৰচনা কৰা বৰুৱাৰ ককাদেউতাৰ হাড় উপন্যাসখনে ১৯৭৫ চনত সাহিত্য একাডেমী বঁটা লাভ কৰে। ইয়াৰ ১৯৭৪ চনত অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰে। ১৯৯৩ চনত অসম উপত্যকা সাহিত্য বঁটা, ১৯৯৮ চনত কমল কুমাৰী বঁটাৰ লগতে ১৯৭৬ চনত পদ্মভূষণ সন্মানেৰে তেওঁ সন্মানিত হৈছিল। কেইবাখনো মননশীল প্ৰৱন্ধ সংকলন, অনুবাদ সাহিত্য, নাটক আৰু বিশেষকৈ শিশু মনস্বত্ব উপলব্ধি কৰি লিখা শিশু ৰচনাসমূহে সাহিত্যিকগৰাকীৰ অসমীয়া সাহিত্যলৈ বহুমুখী অৱদানকে প্রতিফলিত কৰে। ১৯৯০ চনত অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকিত কৰা সাহিত্যিকগৰাকীৰ ২০০২ চনৰ ১৪ জুলাইত মৃত্যু হৈছিল। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সাহিত্যিকগৰাকীৰ পুণ্য তিথি উপলক্ষে আজি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে অসমীয়া ভাষা-সাহিত্যৰ উজ্বল নক্ষত্ৰস্বৰূপ নৱকান্ত বৰুৱাৰ গীত-কবিতা তথা সাহিত্যৰ অন্যান্য ৰচনাসমূহে জনসাধাৰণৰ মনত বিশেষভাৱে সাঁচ বহুৱাইছিল বুলি মন্তব্য কৰে।