December 29, 2025 7:40 PM | Nabakanta baruah

printer

স্বনামধন্য কবি, শিশু সাহিত্যিক, ঔপন্যাসিক নৱকান্ত বৰুৱাৰ ওপজা দিনটো কবিতাৰ দিন হিচাপে উদযাপন

স্বনামধন্য কবি, শিশু সাহিত্যিক, ঔপন্যাসিক নৱকান্ত বৰুৱাৰ ওপজা দিনটো আজি কবিতাৰ দিন হিচাপে পালন কৰা হৈছে। এখুদ ককাইদেউ হিচাপে পৰিচিত বিশিষ্ট কবি, সাহিত্যিক, শিক্ষাবিদ নৱকান্ত বৰুৱাৰ ৯৯ সংখ্যক জন্মবার্ষিকীত আজি ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছে। অসমীয়া আধুনিক কবিতাৰ নৱজাগৰণৰ বাহকৰূপে সন্মানিত বৰুৱাৰ কবিতাসমূহৰ ভাৱ আৰু ভাষাই সাম্প্রতিক সময়তো জনমানসক আলোড়িত কৰে। আধুনিক অসমীয়া কবিতাক অনন্য মাত্রা প্রদান কৰি যোৱা কবিগৰাকীৰ কবিতাসমূহত জীৱনৰ অনুপম সৌন্দর্য, মৃত্যু ৰহস্য আৰু প্ৰেমৰ অনবদ্য ৰূপ প্রতিভাত হৈছে।  

হে অৰণ্য, হে মহানগৰ, ৰত্নাকৰ, এটি দুটি এঘাৰটি তৰাকে ধৰি কেইবাখনো কাব্য সংকলন ৰচনা কৰা বৰুৱাৰ ককাদেউতাৰ হাড় উপন্যাসখনে ১৯৭৫ চনত সাহিত্য একাডেমী বাঁটা লাভ কৰে। ১৯৯৩ চনত অসম উপত্যকা সাহিত্য বঁটা, ১৯৯৮ চনত কমল কুমাৰী বঁটাৰ লগতে ১৯৭৬ চনত পদ্মভূষণ সন্মানেৰে তেওঁ সন্মানিত হৈছিল। কেইবাখনো মননশীল প্রবন্ধ সংকলন, অনুবাদ সাহিত্য, নাটক আৰু বিশেষকৈ শিশু মনস্বত্ব উপলব্ধি কৰি লিখা শিশু ৰচনাসমূহে সাহিত্যিকগৰাকীৰ অসমীয়া সাহিত্যলৈ বহুমুখী অৱদানকে প্রতিফলিত কৰে। আজি কবিতাৰ দিন উপলক্ষে সাহিত্যিকগৰাকীৰ স্মৃতিত গুণমুগ্ধসকলে শ্রদ্ধা তর্পন কৰিছে।

সাহিত্যিকগৰাকীৰ জন্মবার্ষিকী উপলক্ষে দিয়া এটা বার্তাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে শিক্ষাবিদ, সাহিত্যিক আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হিচাপে বৰুৱাৰ অৱদানেৰে অসমৰ সাহিত্য আৰু শিক্ষাৰ জগতে সমৃদ্ধিৰ নতুন ভাষা লাভ কৰিছিল। মুখ্যমন্ত্রীয়ে এখুদ ককাইদেউ নামেৰে জনাজাত সাহিত্যিকগৰাকীৰ জন্মবার্ষিকীত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।