ৰাজ্যৰ ৬খন মহাবিদ্যালয়ে ৰাষ্ট্ৰীয় মূল্যায়ণ আৰু প্ৰত্যায়ন পৰিষদ নাকৰ এ গ্রেড লাভ কৰিছে। ইয়াৰ ভিতৰত পাণ্ডু মহাবিদ্যালয়, প্রাগজ্যোতিষ মহাবিদ্যালয়, মঙলদৈ মহাবিদ্যালয়, মৰিগাঁও মহাবিদ্যালয়, গড়গাঁও মহাবিদ্যালয় আৰু দিছপুৰ মহাবিদ্যালয় আছে। শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। মহাবিদ্যালয় কেইখনক অভিনন্দন জ্ঞাপন কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে এই স্বীকৃতিয়ে শৈক্ষিক উৎকৰ্ষতা আৰু গুণগত শিক্ষাৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা প্রতিফলিত কৰে।
Site Admin | September 4, 2025 7:18 PM | NAAC
ৰাজ্যৰ ৬খন মহাবিদ্যালয়ৰ নাকৰ এ গ্রেড লাভ
