প্রসিদ্ধ শিক্ষাবিদ, দার্শনিক তথা প্রাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্ম বার্ষিকীৰ লগত সংগতি ৰাখি আজি সমগ্ৰ দেশতে শিক্ষক দিৱস উদযাপন কৰা হয়।
তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত আজি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ৰাজ্যৰ ১৫ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক কৃতী শিক্ষক বঁটাৰে সন্মানিত কৰে। এই অনুষ্ঠানতে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যায়ন পৰিষদ, NAAC-ৰ মূল্যায়ণত এ-গ্রেড লাভ কৰা ৬খন মহাবিদ্যালয়ৰ অধ্যক্ষসকলক সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে এইবাৰ পাণ্ডু মহাবিদ্যালয়, প্রাগজ্যোতিষ মহাবিদ্যালয়, মঙলদৈ মহাবিদ্যালয়, মৰিগাওঁ মহাবিদ্যালয়, গড়গাওঁ মহাবিদ্যালয় আৰু দিশপুৰ মহাবিদ্যালয়ে NAAC-ৰ এ-গ্ৰেড লাভ কৰিছে। শিক্ষামন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানতে সহযোগী এন চি চি বিষয়া হিচাপে নিষ্ঠাৰে সেৱা আগবঢ়োৱা ৪ গৰাকী সহযোগী অধ্যাপক-অধ্যাপিকাক সম্বর্ধনা জ্ঞাপন কৰে। গৱেষণাৰ জৰিয়তে নিজস্ব আৱিষ্কাৰ বা উদ্ভাৱনৰ বাবে পেটেণ্ট লাভ কৰা ৰাজ্যৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ অধ্যাপকসকলকো আজি সম্বৰ্ধনা জনোৱা হয়। তদুপৰি মৌলিক গৱেষণাৰে পেটেণ্ট লাভ কৰিবলৈ সক্ষম হোৱা ৪ খন মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকলকো সম্বর্ধনা জনোৱা হয়। অনুষ্ঠানত শিক্ষা সেতু এপত সৰ্বাধিক উপস্থিতি দিবলৈ সক্ষম হোৱা শীর্ষ তিনিখন জিলা ধেমাজী, শিৱসাগৰ আৰু মাজুলিৰ লগতে বিভিন্ন জিলাৰ উপস্থিতিৰ শীৰ্ষত থকা বিদ্যালয়সমূহৰ মুৰববীসকলক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহল উপস্থিত থাকে। ইপিনে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটাসমূহ প্রদান কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ ৯ গৰাকী শিক্ষককে ধৰি দেশৰ মুঠ ৬৬ গৰাকী শিক্ষকক ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটাৰে সন্মানিত কৰা হয়। ডিব্ৰুগড়ৰ নামচাং চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ শিক্ষক দেৱজিৎ ঘোষে ৰাষ্ট্ৰপতিৰ পৰা এই সন্মানীয় বঁটা গ্ৰহণ কৰে।