উত্তৰ গুৱাহাটীৰ ৰংমহলত অহা ১১ জানুৱাৰীত সংহত ন্যায়িক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হ’ব। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্যকান্তে এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই অনুষ্ঠানত আইন মন্ত্ৰ্যালয়ৰ ৰাজ্য মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা, সন্দীপ মেহতা, এন কৌটিশ্বৰ সিং, বিজয় বিষ্ণয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ উপস্থিত থকাৰ কথা। অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আন ২৪ গৰাকী ন্যায়াধীশো উপস্থিত থাকিব। উল্লেখযোগ্য যে ৰাজ্যৰ অধিবক্তা সমাজে গুৱাহাটী উচ্চ ন্যায়ালয়ক উত্তৰ গুৱাহাটীলৈ স্থানান্তৰৰ বিৰোধিতা কৰি আহিছে। এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ’চিয়েচনে গণতান্ত্রিক প্রতিবাদ কৰি আহিছে। শেহতীয়াকৈ উচ্চ ন্যায়ালয় ৰংমহললৈ স্থানান্তৰৰ চৰকাৰৰ প্ৰস্তাৱ সন্দৰ্ভত বাৰ এছ’চিয়েচনৰ সদস্য অধিবক্তাসকলৰ মাজত গণ ভোট অনুষ্ঠিত কৰিছিল। এই ব্যৱস্থা অনুসৰি উচ্চ ন্যায়ালয় স্থানান্তৰৰ বিৰোধিতা কৰি এহেজাৰ ১৬৪ গৰাকী অধিবক্তাই ভোটদান কৰাৰ বিপৰীতে স্থানান্তৰ কৰাৰ সপক্ষে ১৫৪ জন অধিবক্তাই ভোট দিছিল। অৱশ্যে অধিবক্তাসমাজৰ এই স্থিতিৰ বিপৰীতে ৰাজ্য চৰকাৰে উত্তৰ গুৱাহাটীত ১১ জানুৱাৰীত এই প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰি দেশৰ মুখ্য ন্যায়াধীশক আমন্ত্ৰণ জনাইছে।
Site Admin | January 1, 2026 1:14 PM | n ghy | n ghy 11 january foundation stone
উত্তৰ গুৱাহাটীৰ ৰংমহলত অহা ১১ জানুৱাৰীত সংহত ন্যায়িক প্ৰকল্পৰ আধাৰশিলা স্থাপন