ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু পৰ্তুগাল আৰু শ্লোভাকিয়ালৈ চাৰি দিনীয়া ভ্রমণসূচীৰে কাইলৈ ৰাওনা হ’ব। পৰ্তুগাল ভ্ৰমণৰ সময়ছোৱাত ৰাষ্ট্ৰপতি মুৰ্মুৱে দেশখনৰ ৰাষ্ট্ৰপতি মাৰ্ছেল’ ৰেবেল’ ডি ছুচাক সাক্ষাৎ কৰিব আৰু প্রতিনিধি পৰ্যায়ত আলোচনাত মিলিত হ’ব। তেওঁ লগতে দেশখনৰ প্ৰধানমন্ত্রী লুইছ মণ্টেনেগ্ৰো আৰু সংসদ নেচনেল এছেম্বলিৰ অধ্যক্ষ জোছ পেড্রো অগুইৰ-ব্রেংকোক সাক্ষাৎ কৰিব। শ্লোভাকিয়া ভ্ৰমণকালত ৰাষ্ট্ৰপতি মুৰ্মু দেশখনৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰীনি আৰু প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব।
Site Admin | April 6, 2025 1:32 PM | murmu to partugal
ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু পৰ্তুগাল আৰু শ্লোভাকিয়ালৈ চাৰি দিনীয়া ভ্রমণসূচীৰে কাইলৈ ৰাওনা হ’ব
