গণৰাজ্য দিৱসৰ পূৰ্বে আজি সন্ধিয়া ৭ বজাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। ৰাষ্ট্ৰপতিয়ে হিন্দীত দিয়া এই ভাষণৰ পাছতে ইয়াৰ ইংৰাজী ভাষান্তৰ প্ৰচাৰ কৰা হ’ব। আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ কেন্দ্ৰই ৰাষ্ট্ৰপতিৰ এই ভাষণ প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৰাষ্ট্ৰপতিৰ ভাষণৰ অসমীয়া ভাষান্তৰ নিশা চাৰে ৯ বজাত প্ৰচাৰ কৰিব। ৰাষ্ট্ৰপতিৰ এই ভাষণৰ পৰিপ্ৰেক্ষিতত আজি সন্ধিয়া ৭ বাজি ১০ মিনিটত প্ৰচাৰিত হ’বলগীয়া অসমীয়া বাতৰি নিশা ৭ বাজি ৫০ মিনিটত প্ৰচাৰ কৰা হ’ব । ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই কাইলৈ পুৱা ৯ বজাত ৰাজ্যবাসীক উদ্দেশি ভাষণ দিব। ৰাজ্যপালৰ ভাষণৰ পৰিপ্ৰেক্ষিতত আমাৰ পুৱা ৯ বজাৰ আঞ্চলিক বাতৰি ৮ বাজি ৪৫ মিনিটত প্ৰচাৰ কৰা হ’ব।
আকাশবাণীয়ে কাইলৈ ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ নতুন দিল্লীৰ কৰ্তব্য পথত হ’বলগীয়া কুচকাৱাজ আৰু প্ৰতীকপট শোভাযাত্রা অনুষ্ঠান পুৱা ৯ বাজি ৪০ মিনিটৰ পৰা পোনপটীয়াকৈ প্ৰচাৰ কৰিব। আনহাতে, কাইলৈ ৰাজ্যখনত গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ আধাৰত আকাশবাণী গুৱাহাটী কেন্দ্ৰই নিশা ৭ বাজি ৪৫ মিনিটত এখন বিশেষ অনাতাঁৰ প্ৰতিবেদন প্ৰচাৰ কৰিব। ইয়াৰ বাবে কাইলৈ নিশা ৭ বাজি ৪৫ মিনিটত প্ৰচাৰ হ’বলগীয়া সংবাদ চলন্তিকা প্ৰচাৰ কৰা নহয়।