ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 11, 2025 11:53 AM | murmu delhi blast

printer

দিল্লীত সংঘটিত বোমা বিস্ফোৰণত নিহতসকলৰ পৰিয়াললৈ সমবেদনা, আহতসকলৰ আশুআৰোগ্য কামনা ৰাষ্ট্রপতি দ্ৰৌপদী মুৰ্মুৰ

দিল্লীৰ লালকিল্লাৰ সমীপত কালি সন্ধিয়া সংঘটিত এটা শক্তিশালী বোমা বিস্ফোৰণৰ ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালৰ প্ৰতি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সমবেদনা প্রকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে এই ঘটনাত আঘাতপ্রাপ্ত লোকসকলৰ আশু আৰোগ্য কামনা কৰিছে।

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ড০ এল মুৰুগানে এই বোমা বিস্ফোৰণত জীৱন হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গলৈ সমবেদনা প্রকাশ কৰিছে। তেওঁ লগতে হাস্পতালত চিকিৎসাধীন হৈ থকা আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰিছে।

দিল্লীত সংঘটিত কালিৰ বোমা বিস্ফোৰণৰ ঘটনাৰ সন্দৰ্ভত কেইবাখনো বিদেশী ৰাষ্ট্ৰ আৰু ভাৰতত থকা সেই দেশসমূহৰ দূতাবাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ইৰাণৰ দূতাবাসে এই ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে ভাৰত চৰকাৰ আৰু ভাৰতৰ জনসাধাৰণৰ প্ৰতি সমবেদনা প্রকাশ কৰিছে। এই শোকাৱহ ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি দূতাবাসৰ ফালৰ পৰা এই জটিল সময়ত মনৰ শক্তি নেহেৰুৱাবলৈ আহ্বান জনায়।

ভাৰতত থকা আৰ্জেণ্টিনাৰ ৰাষ্ট্রদূত মাৰিয়ানো আগাষ্টিন ক’চিনোৱে বিস্ফোৰণত মৃত্যু হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্রদূতগৰাকীয়ে মৃত্যু হোৱা লোকসকলৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা প্ৰকাশ কৰাৰ লগতে আহত সকলৰ আশু আৰোগ্য কামনা কৰে।

জাপানাৰ ৰাষ্ট্রদূত আৰু ভাৰতত থকা ব্ৰিটিছ উচ্চ আয়ুক্তৰ কাৰ্যালয়ৰ ফালৰ পৰাও দিল্লীত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ এই ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ দুখ আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।