মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি মুম্বাইত দেশৰ ব্যৱসায়িক ক্ষেত্ৰৰ কেইবাগৰাকীও গুৰুত্বপূৰ্ণ ব্যক্তিক সাক্ষাৎ কৰি অসমত তেওঁলোকৰ বিনিয়োগ পৰিকল্পনা আৰু অন্যান্য দিশসমূহ আলোচনা কৰে। ড০ শৰ্মাই এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণ কৰিবলৈ তেওঁলোকক আমন্ত্রণ জনায়। মুখ্যমন্ত্রীয়ে টাটা গোট, লাৰ্ছেন এণ্ড টুব্ৰো, মহিন্দ্ৰা গোট আৰু আদানীৰ দৰে বিশিষ্ট উদ্যোগপতি আৰু উদ্যোগজগতৰ কেইবাগৰাকীও নেতাৰ সৈতে আলোচনাত মিলিত হয়। ইয়াৰ উপৰি ছান ফার্মা, লক্ষ্মী টি, H U L, ৱেলস্পুন গ্ৰুপ আৰু আন আন প্ৰতিষ্ঠানৰ নেতাসকলকৰ সৈতে অসমত কৌশলগত বিনিয়োগৰ বাবে উপায় বিচাৰি তেওঁ আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ বিস্তৃত বিনিয়োগ সম্ভাৱনা উদঘাটন কৰাৰ বাবে সহায় আগবঢ়াবলৈও তেওঁলোকক অনুৰোধ জনায়। ড০ শৰ্মাই কালি এইচ ডি এফ চি বেংকৰ মুখ্য কাৰ্যবাহী বিষয়া শশীধৰ জগদিশনক সাক্ষাৎ কৰি প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাক অগ্ৰাধিকাৰ দি ৰাজ্যখনৰ অৰ্থনীতি সবল কৰাৰ দিশত চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাসমূহৰ বিষয়ে তেওঁক অৱগত কৰে। মুখ্যমন্ত্ৰীয়ে কয়, যে ৰাজ্য চৰকাৰে দক্ষ আৰু অনুশাসন মানি চলা কর্মশক্তিৰ জৰিয়তে দেশৰ ক্ৰমবৰ্ধমান বেংকিং উদ্যোগক কেইবাটাও সুযোগ প্ৰদান কৰি আহিছে।
Site Admin | January 6, 2025 12:39 PM | mumbai cm advantage assam
মুম্বাইত দেশৰ ব্যৱসায়িক ক্ষেত্ৰৰ কেইবাগৰাকীও ব্যক্তিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎ, এডভাণ্টেজ আছামলৈ আমন্ত্ৰণ
